মাৰ্ঘেৰিটা-লিডু সংযোগী জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ প্ৰদৰ্শন…

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা-লিডুৰ সংযোগী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।পথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাত ।যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মূখীন হৈছে সাধাৰণ পথচাৰী।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি মাৰ্ঘেৰিটাৰ লিডুত বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰে। মাৰ্ঘেৰিটা-লিডুৰ সংযোগী ৰাষ্ট্ৰীয় ঘা‍ইপথ নিৰ্মাণৰ দাবীত সংগঠনটোৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।লিডু মহাবিদ্যালয়ৰ তিনিআলিৰ পৰা লিডু বজাৰৰলৈকে সমদল কৰি শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে প্লে’ কাৰ্ডলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গল। মাৰ্ঘেৰিটা-লিডুৰ সংযোগী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিভাগীয় কৰ্তৃপক্ষই পুনৰ মেৰামতি কৰক,অন্যথা আগন্তুক দিনত গণতান্ত্ৰিক ভাৱে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে। বিক্ষোভ কাৰ্য্যসূচী নেতৃত্ব দিয়ে পৰিষদৰ জিলা সভাপতি প্ৰবীন তামুলী আৰু উপ- সভাপতি কাঞ্চন বৰাই।