sangbad lahar logo

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত ১০০% শতাংশ উত্তীৰ্ণ ।

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত ১০০% ছাত্ৰ ছত্ৰী উত্তীৰ্ণ । বিগত সাতবছৰ ধৰি একেলেথাৰিয়ে বিদ্যালয়খনৰ বিজ্ঞান শাখাই এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । এইবছৰ বিজ্ঞান শাখাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০ গৰাকীয়ে প্ৰথম বিভাগত, ১২ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ০১ গৰাকীয়ে তৃতীয় বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে । বিজ্ঞান শাখাত প্ৰান্তিক শৰ্মাই ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয় । বিজ্ঞান শাখাত পুনৰবাৰ ১০০% ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হোৱাত বিদ্যালয়ত আজি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । তেনেদৰে ক’লা শাখাত ৯৫% শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ লগতে ১ জনে ডিষ্টিংচন, ৩ জনে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয় । ছাত্ৰ-ছাত্ৰীৰ এনে সফলতা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষা গায়ত্ৰী চৌধুৰীয়ে আনন্দতে এইদৰে নিজৰ মনোভাৱ ব্যক্ত কৰে ।

Related Articles