মাৰ্ঘেৰিটা ইনথেমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে চলালে নিৰ্বাচনী প্ৰচাৰ…

গাওঁ পঞ্চায়তৰ নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী থকাৰ মাজতে মাৰ্ঘেৰিটাত আজি নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শাসক পক্ষই চৰকাৰৰ উন্নয়নৰ জয়ঢোল বজোৱা বিপৰীতে বিৰোধী পক্ষই মূখৰ হৈ পৰিছে চৰকাৰ বিৰোধী প্ৰচাৰত।আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাৰ্ঘেৰিটাৰ ইনথেম নগাপথাৰস্থিত ৰঙ্গমঞ্চত বিজেপিৰ দলৰ এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে।কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা বিজেপিৰ দল আৰু চৰকাৰৰ উন্নয়নৰ জয়গান গোৱা লগতে বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। মাৰ্ঘেৰিটা জিলা পৰিষদৰ চাৰি সদস্য পদৰ লগতে ১৩ খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

সোনোৱালৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত অসম ৰাজ্যিক সম্পাদক বিকুল ডেকা, ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰ, বিজেপিৰ তিনিচুকীয়া জিলা সভাপতি কুশকান্ত বড়া,সাধাৰণ সম্পাদক দিগন্ত পাদুন,মৰাণ স্বায়ত পৰিষদৰ সভাপতি অৰুণজ্যোতি মৰাণসহ বহু সংখ্যক দলীয় বহু নেতা-কৰ্মী লগতে সহশ্ৰাধিক জনতা উপস্থিত থাকে।