ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখা উদ্যোগত মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাগৃহত বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা সম-জিলা আয়ুক্ত পৰীক্ষিত থাউডামে আৰু বন্তি প্ৰজ্বলন কৰে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৱে। পিছতে বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি ৰাখি হৃদৰোগৰ কাৰণ,লক্ষণ,চিকিৎসা বিধিৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।ডঃ মনোজ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদয়ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৃগাংক শেখৰ চলিহা সমল ব্যক্তি হিচাপে অংশ গ্রহণ কৰে।বিশ্ব ৰেড ক্ৰছ দিৱসৰ কাৰ্যসূচী আঁতধৰে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখা সাধাৰণ সম্পাদক পৱিত্ৰ বৰগোহাঞিয়ে।উক্ত অনুষ্ঠানত মাৰ্ঘেৰিটাৰ সম জিলা আয়ুক্ত পৰীক্ষিত থাউডাম,মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৰ,ডা: অপৰাজিতা ফুকন,মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতী,মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড°সনথ দত্ত, ডা:মনোজ গগৈৰ লগতে ভালে সংখ্যক গন্য মান্য ব্যক্তি ,দল-সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
