মাৰ্ঘেৰিটাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি দিৱসৰ প্ৰতিযোগিতা আৰম্ভ।

তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ আতিথ্যত বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বিষ্ণু প্ৰসাদ ৰাভাৰ গীত,কবিতা আবৃত্তি,গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা মাৰ্ঘেৰিটা সমষ্টিৰ পাঁচটা মণ্ডলত অনুষ্ঠিত হৈছে।আজি প্ৰাৰম্ভিক প্ৰতিযোগিতা ইনথেম জনজাতি হাইস্কুলত অনুষ্ঠিত হয়।এই প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লোকনাথ মহনে। পৰৱৰ্তী পৰ্যায়ত মাকুম কিল্লা আৰু মাৰ্ঘেৰিটাত প্ৰাৰম্ভিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।চুড়ান্ত প্ৰতিযোগিতা মাৰ্ঘেৰিটা অহা ১৫ জুনত অনুষ্ঠিত হ’ব।এই কথা সদৰি কৰে মুখ্য সম্পাদক অশ্বিনী প্ৰসাদ গগৈয়ে।