
গহপুৰ ডিজিটেল মিডিয়া এছো’চিয়েচনৰ জৰিয়তে হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়া আৰু একাংশ শুভাকাংশীৰ সহযোগত এক বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰে । ক’ভিড মহামাৰীৰ জটিল সন্ধিক্ষণত যি সকল দৰিদ্ৰ লোকে পেটৰ ভাত মুঠিৰ বাবে চিন্তাত দিন কটাইছে , সেইসকল দৰিদ্ৰ লোকৰ কাষত থিয় দিছে ,গহপুৰ ডিজিটেল মিডিয়া এছো’চিয়েচন । এছো’চিয়েচন ৰ সমূহ সাংবাদিক একত্ৰিত হৈ গহপুৰৰ বিভিন্ন অঞ্চলত প্ৰায় ১০০ টি দৰিদ্ৰ পৰিয়ালক কিছু খাদ্য – সামগ্ৰী যোগান ধৰে । মানুহে মানুহৰ বাবে লোৱা এই প্ৰদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় বুলি পৰিগণিত হোৱা পৰিলক্ষিত হৈছে