মানকাচৰত এজেপি বিজেপি মিত্ৰজোঁটৰ বিজয়ী দলৰ সমৰ্থকক মাৰপিট।কংগ্ৰেছ দলৰ সমৰ্থকে মাৰপিট কৰাৰ অভিযোগ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁওৰ এজেপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছত উক্ত ৱাৰ্ডৰ মানুহে এখন ৰেলি উলিয়ায়। উক্ত ৰেলী খন ৱাৰ্ড খনৰ ইমূৰৰপৰা পৰা সিমূৰলৈকে লৈ গৈ থকা অৱস্থাত বিপৰীত ফালৰ পৰা কংগ্ৰেছ দলৰ সমৰ্থকে সহিদুৰ ৰহমান আৰু কেইবা গৰাকী পুৰুষ মহিলাক মাৰপিট কৰে।
এই ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে।ইপিনে হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ পৰা গুৰুতৰভাৱে আহত সহিদুৰ ৰহমান নামৰ যুৱক জনক গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।এই সন্দৰ্ভত গাঁওৰ মানুহে জিলা প্ৰশাসন আৰু চৰকাৰক উচিত তদন্ত কৰি দোষীক শাস্ত্ৰীৰ দাবী জনায়।
