মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনা….

মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই তী*ব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত বামনপাৰা গাঁৱৰ হাছমত আলীৰ ল’ৰা সমেৰ আলী নামৰ এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই অঞ্চল জুৰি তী*ব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে।জানিব পৰা মতে সমেৰ আলী নামৰ লোক জনে দুজন মানুহক লগতলৈ মানূল্লাপাৰাত গৈছিল আৰু অহাৰ সময়ত প্ৰথমতে গাড়ীৰ পৰা চোঁচৰাই নমাৱলৈ চেষ্টা কৰে। পিছলৈ জহৰ আলি আৰু আৰু সহৰ আলি নামৰ লোক দুজনে সমেৰ আলিৰ বুকুত ভৰিৰে লাথী, কীল ঘুশা আদি মৰাৰ পিছতেই স্থানীয় ৰাইজে সমেৰ আলী নামৰ লোক জনক কোনোমতে প্ৰাণ ৰক্ষা পৰে আৰু ততাতয়াকৈ জিলা চিকিৎসালয়লৈ পঠাই দিয়ে।আহত হোৱা লোকজন অতি সংকটজনক হোৱাৰ বাবে গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উক্ত ঘটনাৰ বাবে ভোক্ত ভোগীয়ে জিলা প্ৰশাসন আৰু চৰকাৰক তদন্ত কৰি দোষীক শাস্তি দিবলৈ অনুৰোধ জনায়।