
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভাটি ঝগৰাৰচৰত পুনৰ আৰক্ষী-চিআৰপিএফৰ অভিযান,
এই অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা,
কাচু মিয়া নামৰ গাঞ্জা মাফিয়াৰ ঘৰত গোপন সূত্ৰৰ পম খেদি চলোৱা হৈছিল এই অভিযান,
জব্দ কৰা গাঞ্জা খিনিৰ মূল্য ৫০ লক্ষাধিক টকা হ’ব বুলি ধাৰণা কৰা হৈছে,
পুৱতি নিশা প্ৰায় ২ বজাত আৰক্ষী-চিআৰপিএফয়ে অভিযান চলাইছিল,
ঘৰৰ দৰ্জাৰ আগত মাটিৰ তলত বাকচ এটা ভৰ্তি কৰি পুতি ৰাখিছিল গাঞ্জা খিনি,
আৰক্ষী অহাৰ উমান পাই কাচু মিয়া নামৰ গাঞ্জা মাফিয়াজনে কৰিছে পলায়ন।