নিশা মানকাচৰ আৰক্ষীয়ে টহল দি থকাৰ সময়তে আটক কৰে বাংলাদেশী কেইগৰাকীক ।
ইয়াৰে ৭ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু ৫ জন শিশু আছে বুলি জানিব পৰা গৈছে ।
আটকাধীন বাংলাদেশীকেইগৰাকী ভাৰতৰ বিভিন্ন ঠাইত অবৈধভাৱে আহি কাম কৰি আছিল
আৰু নিজ দেশলৈ উভতি যোৱাৰ সময়তে মানকাচৰ আৰক্ষীৰ হাতত আটক হয় ।
মানকাচৰ আৰক্ষীয়ে আটক কৰা বাংলাদেশীকেইগৰাকীক বাংলাদেশলৈ পঠোৱা হয় বুলি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জানিবলৈ দিয়ে ।