sangbad lahar logo

মাতৃৰ চিকিৎসাৰ বাবে সহায় বিচাৰি কাতৰ আহ্বান এগৰাকী কিশোৰীৰ।

এখন দুখলগা ছবি, অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত বিছনাত ছটফটাই আছে এগৰাকী মাতৃয়ে। বটদ্ৰৱা বিধানসভা সমষ্টিৰ পশ্চিম বৰী গাঁৱৰ জয়ন্তী বৰদলৈ নামৰ মহিলা গৰাকীয়ে লোকৰ ঘৰত দিন-ৰাতি একাকাৰ কৰি কণ-কণ তিনিটা কৈ লৰা,ছোৱালীক পোহপাল দি আছিল। কিন্তু এতিয়া জয়ন্তী বৰদলৈ নামৰ মহিলা গৰাকী নিজেই ভুগি আছে এক অচিন ৰোগত। নিজৰ চিকিৎসাৰ নিজে কৰিব নোৱাৰে লগতে কণমানি কেইজনীও একো কৰিব নোৱাৰাত বিমোৰত পৰিছে পৰিয়ালটো । এতিয়া পৰিয়াল তোৰ একো বিক্ৰী কৰিবলৈয়ো নাই আৰু নাই খাবলৈও ভোকৰ ভাত মুঠি ।অৱশেষত পৰিয়ালটি দিশহাৰা হৈ উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে অসম চৰকাৰ আৰু ৰাইজৰ ওচৰত সহায় বিচাৰি আবেদন জনাইছে।

তেওঁৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে অসমৰ মাননীয় মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বটদ্ৰবাৰ বৰ্তমান বিধায়িকা আৰু প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ ওচৰত সহায় বিচাৰি আবেদন জনাইছে।

সেয়ে কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াবলৈ হ’লে 6001984728 নম্বৰত যোগাযোগ কৰাৰ লগতে এই একাউণ্ট নম্বৰটোত 7268026013652 IFSC Code No.UTBI0RRBAGB আপোনাৰ ধনৰাশি প্ৰেৰণ কৰিব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *