
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বৰিপাৰা গাঁৱৰ এটা পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। ৰিধুমনি ৰায় নামৰ ৩০ বছৰীয়া যুৱকজন ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ ৫ বাৰ অস্ৰপ্ৰচাৰ কৰিও সুস্থ হোৱা নাই। গাড়ী চলাই কোনোমতে পৰিয়ালটো পোহপাল দিয়া ৰিধুমনি ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ শিলিগুৰিত ৫ বাৰকৈ অস্ৰপ্ৰচাৰ কৰিও সুস্থ হৈ নুঠাত এতিয়া পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা। ইয়াৰ পূৰ্বেও পৰিয়ালটোৰ দুজন লোক এই বেমাৰত আক্ৰান্ত হৈছিল যদিওঁ চিকিৎসা গ্ৰহন কৰি সুস্থ হৈ উঠিছে। গাড়ী চলাই পৰিয়ালটো পোহপাল দিয়া ৰিধুমনিৰ চিকিৎসাৰ বাবে প্ৰায় ১৫ লাখ টকা খৰচ কৰাৰ পিছতো সুস্থ নোহোৱাত পুনৰ চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন হৈছে। যুৱকজনৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে সমুহ অসমবাসীৰ পৰা সহায় বিচাৰিছে এতিয়া পৰিয়ালটোৱে। সেয়ে কোনো ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৰিধুমনিৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ সৰভোগ শাখাৰ একাউন্ট নম্বৰ 38234444406, IFSC SBIN0002126 নাইবা 8399925655 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।