sangbad lahar logo

মাণিকপুৰত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক  ।  প্ৰায় পাঁচ লাখ টকাৰ সন্দেহযুক্ত হেৰ’ইন জব্দ  ।

মাণিকপুৰ থানাৰ অন্তৰ্গত ডাঙাইগাওঁ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দীনেশ আলী ওৰফে লেংৰা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে । গেৰুকাবাৰী তহলদাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিনয় মালাকাৰৰ গোপন অভিযানৰ ভিত্তিত ডাঙাইগাওঁ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে হাতে-লুটে ধৰা পৰে ধৃত সৰবৰাহকাৰীজন । সৰবৰাহকাৰীজনৰ পৰা সন্দেহযুক্ত হেৰ’ইন ১০৭.০৮ গ্ৰামৰ সৈতে দহটা চাবোনৰ বাকচ গেৰুকাবাৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । দহটা চাবোনৰ বাকচত থকা হেৰ’ইনৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব বুলি সন্দেহ প্ৰকাশ কৰিছে । ধৃত সৰবৰাহকাৰী দীনেশ আলী মাণিকপুৰৰ বুলি জানিব পৰা গৈছে ।

Related Articles