মাটি অধিগ্ৰহণক লৈ উত্তৰ গুৱাহাটী ৰংমহলত উত্তপ্ত পৰিস্থিতি ।

গুৱাহাটী হাইকোৰ্টৰ মাটি অধিগ্ৰহণক লৈ উত্তৰ গুৱাহাটী ৰংমহলত উত্তপ্ত পৰিস্থিতি ।

কামৰূপ জিলাৰ আয়ুক্ত,অতিৰিক্ত আয়ুক্তকে ধৰি আৰক্ষীৰ বৃহৎ দল উপস্থিত ৰংমহলত ।

আৰক্ষীৰে তৰ্ক-বিতৰ্কত লিপ্ত ভূমিৰ গৰাকী ।

কোনো কাৰণতে হাইকোৰ্টৰ বাবে ভূমি এৰি নিদিয়াৰ হুংকাৰ ।

দুজনকৈ ভূমিৰ গৰাকীক আটক উত্তৰ গুৱাহাটী আৰক্ষীৰ ।

উল্লেখ্য যে, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ৰংমহল গাঁৱলৈ হাইকোৰ্ট স্থানান্তৰ কৰাৰ পদক্ষেপ লৈছে চৰকাৰে ।

ইয়াৰ বাবে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ ৰংমহল গাৱঁত অধিগ্ৰহণ হ’ব ১২৮ বিঘা ভূমি ।

ইতিমধ্যে, এই ভূমিৰ গৰাকীক ভূমি এৰি দিয়াৰ জাননী জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে ।