
মাটিৰ গৰিমাক পাহৰিলেই সৃষ্টি হয় কুৰুক্ষেত্ৰ, শৰাইঘাট, খেলমাটি, মৰনৈ, হালদিয়া ঘাট, হাদিৰাচকীৰ তেজৰ কান্দোন । মাটিক তাচ্ছিল্য কৰাৰ পৰিণাম জিলিকি আছে ৰাৱণ, কংস, হিটলাৰ, ঔৰংগজেৱহঁতৰ শৰীৰে-শৰীৰে । সেই জুইত ভস্মীভূত হৈছে ইকাল-সিকাল, সমকালেৰে মানুহৰ জীৱনকাল । মাটিয়েই ওখ হিমালয়, মহেঞ্জোদাৰো –হৰপ্পা, গ্ৰীচ-নালন্দা, সিন্ধু, ব্ৰহ্মপুত্ৰ, গংগাৰ বিশাল জীৱনৰ সভ্যতা । মাটি সভ্যতাৰ বিৰল অমিতাভ আঁকৰ । মাটিতেই পলস পৰি পৰি অনাদি অনন্ত মানুহৰ সংস্কৃতিৰ মেটমৰা সৌন্দৰ্যৰ পৃথিৱীৰ প্ৰতিমাই মানুহক আলোকৰ যাত্ৰাৰ সঙ্গী কৰি আহিছে । যুদ্ধত বিপন্ন হোৱা সময়, মৃত্যু হোৱা মানুহৰ কান্দোনৰ বাটেৰে মাটিয়েই মানুহক সাহসৰ শকতি দি দিহিঙে-দিপাঙে খোজ কঢ়াৰ বুদ্ধপ্ৰজ্ঞাৰ বাটৰ সন্ধানৰ সাঁচিপাতৰ পোহৰ কৰিছে । মাটিয়ে সূৰ্যৰ জ্যোতিক বুকুত সাৱটি বৰষুণৰ বাটেৰে কৃষকৰ কৰ্ষণক সাৱটি পৃথিৱীৰ ভোক নিৰ্বাপণৰ আকাশক সান্তনা দি আছে । সেয়ে মাটিৰ গাঢ়তা তীব্ৰ, প্ৰসন্ন, গভীৰ জীৱনক উপলব্ধি কৰাৰ নিৰ্মোহ সত্য ।
দ্ৰুতগতিত মানুহৰ ভৰিৰ খোজ বিচ্ছিন্ন হৈ বুকুৰ পৰা হেৰাইছে মাটিৰ উত্তাপ । মাটিৰ পৰিভাষা পৃথিৱীৰ জীৱনৰ পৰিক্ৰমা । এই পৰিক্ৰমা সাগৰ, মহাসাগৰ, পাহাৰ-পৰ্বত, ভৈয়াম, মৰুভূমি, মালভূমি, নদীৰ জলধাৰা, অৰণ্যৰ জীৱকুল স্বমহিমাৰে স্বাৱলম্বিতাৰ নান্দনিক ৰঙেৰে বিম্বাশৱদ মাতৰ খোজ হৈ থকাৰ বাবেই মাটিয়ে ধৰি আছে জৈৱবৈচিত্ৰৰ বিনন্দীয়া চৰিত্ৰেৰে পৃথিৱীৰ আত্মাক । এই আত্মা কুলষিত হ’লেই বিকলাঙ্গ হৈ যাব পৃথিৱীৰ শৰীৰ । পংগু হৈ যাব মানুহৰ জীৱনকাল । সভ্যতা মলঙি আদিম আসুৰিক জীৱনৰ গৰাকী হৈ প্ৰত্যেকেই প্ৰত্যেকৰ বুকুলৈ টোঁৱাই শেল, ধনুকাৰ হৈ পৰিব একান্ত শত্ৰু । গৰজি উঠিব উদযান বাৰুদৰ বতাহত ৰণদুদুম্ভি শব্দ । সেই শব্দত পৃথিৱীৰ বক্ষ ফালি বাহিৰ হ’ব মানুহৰ জীৱনৰ লাভা । যি লাভাত গলি গলি নিঃশেষ হ’ব মানুহ সভ্যতাৰ দীঘলিয়া পৰিক্ৰমাৰ মহাসিন্ধু । মাটিৰ প্ৰতিটো বিন্দু জীৱনৰ সিন্ধু । এই অমৰ, অম্লান, স্বচ্ছ, শাশ্চত, জীৱনসিন্ধুৰ গংগা পবিত্ৰ গান্ধীমাতৰ ভীষ্মধৈৰ্য মাটিক অশান্ত কৰাৰ কামত ক্ষমতাপিপাশু এচাম মানুহৰ বাবেই পৃথিৱীৰ প্ৰান্তে প্ৰান্তে উন্মাদ ৰজাৰ তেজৰঙা পতাকাৰ উন্মাদনাত শান্ত, প্ৰশান্ত, গভীৰ মানৱচেতনাৰ মূল্যমানেৰে অহিংসাৰ শিৰোণামাক সাৱটি থকা মাটি তপত হৈ বিভ্ৰান্তিকৰ বাটেৰে হৃদয় ফালি চিৰাচিৰ হৈ উঠিছে । প্ৰশান্ত মহাসাগৰৰ ধ্ৰুপদী সম্পদশালী পৃষ্ঠভূমিত মানুহৰ লালসাৰ আনৱিক বোমাৰ বিস্ফোৰণৰ নিশাদ মাতে জলভূমিৰ নিমাখিত জীৱকুলক হত্যা কৰাৰ সমীকৰণ মাটি বিৰুদ্ধই নহয়, পৃথিৱী ধংসৰ হিৰণ্যকশিপুৰৰ অত্যচাৰী চকুৰ তীৰ্যক জুইৰ তাপত মাটিৰ বিলাস পুৰি পুৰি চাৰখাৰ কৰাৰ দুৰন্ত গতি ।
প্ৰথম বিশ্বযুদ্ধৰ বাটেৰে হেজাৰ হেজাৰ মানুহৰ মৃত্যুৰ আৰ্তনাদেও পৃথিৱীৰ মানুহক মৃত্যুবাটৰ ঠিকনাৰে অতি সম্প্ৰতিও জীপাল কৰি ৰাখিছে । অপমৃত্যু জীৱনৰ সৌন্দৰ্য নহয় । জীৱনৰ সুষম গতিশীল বাটৰ সৃষ্টিৰ কৃষ্টি সংস্কৃতিৰে বিশাল জীৱনৰ পৰিক্ৰমাই সুস্থ পৃথিৱীৰ মাটিৰ চকুৰ সোণমণিক উজলাই ৰাখে । ইয়াক যুদ্ধৰ বাটেৰে বাৰুদে পুৰিলে বিকলাঙ্গ শৰীৰে বিশ্ববন্দনা কৰিব নোৱাৰে । কৰিব নোৱাৰে মাটিৰ গুনানু কীৰ্ত্তন । যুদ্ধত আমি প্ৰত্যেকেই পংগু অংগ হৈ মানসিক বিকাৰগ্ৰস্ত জীৱনৰ অধিকাৰী হৈ পৰো বাবেই মানুহ মানুহৰ একান্ত শত্ৰু হৈ উঠো । এনে পৰিভাষাই কেতিয়াও মাটিক চহকী কৰিব নোৱাৰে । মাটি চহকী নহ’লে মানুহৰ গৌৰৱৰ হিমালয় ধূসৰ –ধুমায়িত হৈ বিষন্ন কৰে জীৱনৰ অম্লজান।
হেজাৰ হেজাৰ বছৰৰ শ্ৰম আৰু কৰ্ষণত মাটিয়ে সাৱটি গঢ়ি তোলা পৃথিৱীৰ বৈভৱ সংস্কৃতি, নৃগোষ্ঠীয় লোকজীৱনৰ সম্ভ্ৰান্ত ঐতিহাসিক ঐতিহ্যই কেনেকৈ যুগে যুগে ঐশ্চৰ্যৰ বাটেৰে পৃথিৱীক আলোকউজ্বল স্বৰ্গ কৰিছে, সেই স্বৰ্গৰ পৃষ্ঠভূমি মাটিবিলাসক আমাৰ সুখ, উপভোগ, গোলকীয় চেতনাৰ অৰ্থ সৰ্বস্ব বজাৰৰ বুকুত নিঃশেষ হ’বলৈ দি আমি আমাৰ মৃত্যু কাষ চপাই আনিছো। সন্ত্ৰাসবাদ, ভৌগলিক সীমাৰেখাৰ অসহিষ্ণু জ্যামিতিৰ বাবে নিতৌ বিষাক্ত উত্তপ্ত বাৰুদ বতাহত মাটিক জিৰাবলৈ আমি বাধ্য কৰিছো । ৰাজনীতি আৰু বাৰুদৰ সংঘাট তীব্ৰ হোৱাত মাটিয়ে নিৰন্তৰ জীয়াতু ভুগিছে । মাটিৰ এই অস্থিৰ জীৱনকালে বিকালাঙ্গ কৰিব ওলাইছে সংস্কৃতিৰ মেটমৰা ভড়াল ।
মাটি আকৌ বিষাক্ত হৈ উঠিছিল জাপানৰ হিৰোচিমা –নাগাচাকিৰ বুকুত আনৱিক বোমাৰ সংঘৰ্ষেৰে । মাটিয়ে ব’ব লগা হ’ল পংগুত্বৰ ভাৰ, মৃত্যুৰ বোজা । জলবায়ুৰ বিষক্ৰিয়াৰ তেজষ্কিয়তাই দিশে দিশে মাটিৰ বেদনাক সাৱটি মানুহক অন্ধকাৰ ভবিষ্যতৰ বুকুৰে জীৱনক সন্ধিহান কৰি তুলিল । মহাভাৰতীয় চেতনাৰ অন্যতম বৈভৱ মাটিৰ সুন্দৰতা, মাটিৰ বিশ্বাস, জীৱনৰ আলয় আৰু প্ৰগতিৰ একালব্য চেতনা । ইয়াক দুৰ্যোধনৰ আসুৰিক মনোভংগীয়ে নিঃশেষ কৰাৰ কথাবস্তুক মহাভাৰতে চিঞৰি থকাৰ পিচতো মানুহে উপলব্ধি কৰিব নোৱাৰাটোৱে মানুহক নিৰন্তৰ মাটি চৰিত্ৰৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে । এনে পটভূমিত মাটিৰ সংস্কৃতি মানুহৰ হাতত পন্য, সস্তীয়া হৈ ক্ৰমশঃ হেৰাব ধৰিছে ।
মানুহ যুগে যুগে প্ৰব্ৰজিত হৈ আহিছে মাটিৰ সন্ধানত । জীৱনক বিকাশ কৰিবলৈ । যুদ্ধই বিষাক্ত কৰা মানুহে শান্তিৰ বাবেই বিচাৰি ফুৰিছে বাল্মিকী মন্ত্ৰউচ্চাৰণৰ মাটি । কেতিয়াবা শইচৰ সন্ধানত, প্ৰাকৃতিক দুৰ্যোগৰ বিপদৰ কালমাতৰ পৰা ৰক্ষাকবচ বিচাৰি মানুহে মাটিক সাৱটিয়েই যেনিয়ে-তেনিয়ে দুভৰি গতিশীল কৰিছে । এই গতিশীলতাই মাটিৰ বুকুত মানুহক কৃষ্টিৰ অতুল্য চৰিত্ৰেৰে সুন্দৰ কৰিছে । আমাৰ ৰঙালী বিহু এনেবোৰ সুন্দৰৰ প্ৰতীক । আমাৰ ৰঙালী বিহুৱে শ-শ বছৰ যোৰা আলপাইন, মঙ্গোলীয়, অষ্টীক, আৰ্য, অনাৰ্যৰ সম্ভ্ৰান্ত বিশাল সংস্কৃতিৰ লোকজীৱনৰ সাৰুৱা পলসুৱা শেলুৱৈ শৰীৰক সাৱটি গঢ়ি তোলা পৃষ্ঠভূমিৰ অন্যতম গৰাকীয়েই হ’ল মাটি । মাটিমণিৰ চকুত উজলি থকা পোহৰে সাঁচিপাতৰ শব্দত সূৰ্যৰ পোহৰত তিতাই তিতাই বহাগক নতুন বসন্ত কৰিছে । নতুন বসন্তৰ বিপুল যোগাত্মক চিন্তা-চেতনাক লুইতে মাটি উৎসাহেৰে অসমীয়া জাতিৰ মলি মামৰবোৰ ধুই নিকা কৰি নতুনৰ সন্ধানত জীৱনৰ দ্বাৰ মাৰিছে । লুইতৰ এনে শক্তিক মাটিয়ে উৎসাহ দি আমাৰ ভাষাক আশা দিছে ৰঙঘৰৰ সুষমাক আৰু গহীন কৰিবলৈ । মাটিয়ে চিঞৰি চিঞৰি কৈ আছে পৰ্বতৰ বুকুৰে বাগৰি অহা পানীবোৰ নিজৰেই বংশধৰ, সুহৃত আপোন জীৱনৰ মাত । ইয়াক লুইতেৰে বোৱাব জানিলে নিঃশেষ হ’ব অসূয়া – অপ্ৰীতি । মাটিয়ে কৈ আছে তাঁতশালৰ সুঁতাৰ শৰীৰত থকা জাতিৰ উত্তাপৰ কথা । শৰাইঘাট, হাদিৰাচকী, ইটাখুলি, মৰনৈ, আলৈবৈৰ অশান্ত জৰ্জৰ দিনকালে মোহৰি পেলোৱা সময়ৰ চকুক ধুই পখালি সাহসৰ বৰষুণৰ বাটেৰে জাতীয় জীৱনক নতুন প্ৰাণ দিবলৈ । এই প্ৰাণৰ বাবে মাটিক বুকুত লৈ অসংখ্য নদীয়ে বুঢ়ালুইতৰ ৰসাল গাম্ভীৰ্যতাৰে নিতৌ বহ্নিমান হৈ আছে । পূৰ্বাঞ্চলৰ সূৰ্যসমস্ত আকাশৰ আলোকযাত্ৰীৰ বাবে মাটিয়েই নবীন খোজেৰে মানুহক ভক্তি আৰু শক্তিৰে ধাৱমান কৰি থকা বিশাল দৃশ্যসজ্জাক অনুধাৱন কৰিব নোৱাৰা মানুহ পৃথিৱীৰ সম্পদ হব নোৱাৰে । তেওঁলোক মাটিৰ গৰাকী হ’ব নোৱাৰাৰ বাবেই প্ৰতিদিনে মাটিৰ গৰ্ভবিদাৰি বিচাৰি মাটিৰ লগতে নিজেও কাঙাল হৈ নিজৰ মৃত্যুঠিকনা লেখিছে । মাটিয়েই স্বদেশ, মাটিয়েই বিদেশ । মাটিতেই সোমাই আছে বিশ্বকৰ্মা । প্ৰাগজ্যোতিষৰ জীৱনকালত অসমীয়াৰ বীৰত্ব সেই সমকালৰ কুমাৰ ভাস্কৰ বৰ্মা, গুৰু শংকৰ-মাধৱৰ সোণবৰনীয়া খোজবোৰে মেছ, কুমাৰ, ৰাজবংশী, চিংফৌ, খাচিয়া, জয়ন্তীয়া, অঁকা, দফলা, মিচিং, আৱৰ, নগা, মিচিমি খামতি, চুতীয়া, লালুং, কাৰ্বি, বড়ো, ডিমাচা, আদিবাসী, চাহজনগোষ্ঠী, মুছলমান, বাঙালী, যোগী, হিৰা, কৈবৰ্ত্ত, গাড়ো, ৰাভা, ন-অসমীয়া মৈমনচিঙীয়া, মনিপুৰীয়া, থলুৱা নেপালী, অসমীয়া শিখ…. আদি সকলোকে বুকুত সাৱটি মাটিয়ে অসমক হিলদল ভাঙি সৃষ্টি কৰা ভেটিত যন্ত্ৰ যুগৰ বিমল মন্ত্ৰৰ অধিকাৰী কৰি তুলিছে । এনে সমন্বয় ঘটোৱা মাটিক দৰাচলতেই জীৱনৰ বিনন্দীয়া উশাহৰ উৎসাহ কৰি ৰাখিবই লাগিব । ইয়াৰ বিকল্প মানেই সমন্বয়ৰ অভাৱ । মৃত্যুৰ মুক্ত দুৱাৰৰ উন্মোচন ।
আমাৰ ভূমিত বিচিত্ৰ মানুহৰ বিভিন্ন দৰ্শন, ধৰ্ম, ভাষা, দোৱান, উপভাষা, লোককৃষ্টি, লোকাচাৰৰ বিশাল বিভিন্নতা সত্বেও মাটিয়ে আমাক বঙহৰ মঙহ কৰি ৰাখিছে । বিপদ কালত এনে শক্তিৰে আমি লুইতৰ সাহস পাও । বৰদৈচিলাৰ শকতিক সাৱটো । চ্যুকাফাৰ সমন্বয়ৰ বাটটোক চিকুতি চাও । গুৰু শংকৰ-মাধৱৰ সমন্বয়ৰ নাঁওখনৰ বিম্বাশৱদ গতিৰ উমান লওঁ । জ্যোতি ককাইদেউ, ৰাভাদেৱ, সাহিত্যভীষ্ম পদ্মনাথ গোহাঞি বৰুৱা, সংস্কৃতিৰ ৰজা বেজবৰুৱাদেৱ আৰু আমাৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাই … মাটি ফেনেকি দি যোৱা সাহসৰ বৰঘৰটোৰ বৰখুঁটা, মুধচ, মাৰল কামি, ৰোৱাক যতনেৰে আমাৰ মূৰৰ ওপৰত নভগা, নিচিঙাকৈ বিশাল কৰি গৈছে সেই পৃষ্ঠভূমিৰ বুনিয়াদ তেওঁলোকে মাটিক জীৱনৰ মৃৎশিল্প কৰি । এনে প্ৰবাহ, উৎসাহৰ স্বচ্ছতা, মাটি উন্মুখ চকুৰে বিভূষিত বৈভৱক চাব পৰাকৈ পৰ্যটকৰ দুটা চকুৰ আৰু এখন মননশীল হৃদয়ৰ প্ৰয়োজনৰ অভাবেই মাটিক নৰক গলিলৈ ৰূপান্তৰ কৰি মৰিশালীৰ চিতাভষ্মৰ সৈতে আমি মিতিৰালি পাতি বংশ বিনাশৰ কাম কৰিছো ।
মাটিক বাদ দি আমি ক’লৈকো যাব নোৱাৰো । মৃত্যুৰ পিছতো মাটিয়ে সামৰি থয় আমাৰ শৰীৰৰ শেষ অৱয়ব । পৃথিৱীৰ চৌদিশে মাটিৰ গৰিমা নানা দুৰ্যোগৰ পিছতো জীবকুল আৰু মানুহৰ বাবে নিৰাপত্তাৰ চন্দ্ৰাতপ হৈ আছে বাবেই নানা অশান্তি, উদ্বিগ্নতা, মৃত্যুচেতনাৰ বাটৰ উৎসাহৰ পিছতো মাটিক মননশীল মানুহে জীৱনৰ মন্দিৰ কৰি ৰাখিছে । এই চেতনা বিশাল হওক । উপলব্ধি কৰক মানুহে মাটিৰ মূল্যমান । যি মূল্যমানে কুৰুক্ষেত্ৰৰ মাটিক আকৌ মানুহৰ আলয় কৰিলে । লুইতৰ ইপাৰে সিপাৰে তেজত তিতি মাটিৰ স্বাভিমানতে যি মানুহে মাটিক জীৱনৰ প্ৰগতিৰ গৰিমা কৰিছে ।
সেই মাটি অনন্য, অতুল্য, অমিতাভ শিৰোণামাৰ মানুহ সৰ্বস্ব বিশেষ্য-সৰ্বনাম । এনে সৰ্বনামেৰেই মানুহে মাটিক কৰি ৰাখক শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ গতি ।
ড০ নন্দ সিং বৰকলা
ভ্ৰাম্যবাষ- ৮৮২২৩০৩৯০৬