
শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন

মাজুলীৰ আকাশ-বতাহ এতিয়া বিলীন ৰাসৰ ধ্বনিৰে। ৰাসলৈ মাজত মাথোঁ কেইটামান দিন বাকী, দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত সত্ৰনগৰী মাজুলী।শিশু কৃষ্ণৰ দুষ্টামীৰ পৰা অঘাসুৰ, বকাসুৰৰ গৰ্জনেৰে ভাহি উঠিছে এতিয়া মাজুলীৰ চৌদিশ।

কুৰি খন সত্ৰ আৰু ৫৪ খনকৈ ৰংগমঞ্চত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ। তাৰ মাজতে এখন ব্যতিক্ৰমী ৰাস আয়োজনৰ যো-জা চলিছে মাজুলীৰ শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘত। সম্পূৰ্ণ মহিলাৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব ৰাসলীলা । মাজুলীৰ প্ৰথম খন ৰংগমঞ্চ য’ত কেৱল মহিলাৰ দ্বাৰা অভিনিত হয় ৰাস। শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘই তিনিদিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱৰ অন্তিম দিনা পৰিৱেশন কৰা হ’ব এই মহিলা ৰাসৰ। মাজুলীৰ একমাত্ৰ মহিলাৰ দ্বাৰা অভিনিত হোৱা এই ৰাস খনিক লৈ এতিয়া আনন্দৰ সীমা নোহোৱা হৈছে মাজুলী বাসীৰ।
38 Comments