Skip to content
মাজুলীৰ যাতায়ত ব্যৱস্থাৰ যুগান্তকাৰী পদক্ষেপ
মাজুলী , ৫ ফেব্ৰুৱাৰী — নদী দ্বীপ মাজুলীৰ ইতিহাসৰ বৃহস্পতিবাৰৰ দিনটো এক যুগান্তকাৰী আৰু প্ৰগতিকামী দিন । যাতায়ত ব্যৱস্থাৰে দুৰ্গম বিশ্বৰ বৃহত্তম নদী দ্বীপ জিলা মাজুলী বায়ু পথেৰে সংযোগিত হ’ল বৃহস্পতিবাৰৰ দিনটোত । মাজুলীক বহিঃ জগতৰে কম সময়ৰ ভিতৰত যোগাযোগৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্নয়নৰ এক উজ্জ্বল প্ৰমাণ দাঙি ধৰি বৃহস্পতিবাৰে পুৱা ১০ -৩০ বজাত মাজুলী জিলা সদৰ গৰমুৰৰ নাতি দূৰৈত অৱস্থিত বৰবাৰীত উদ্ধোধন কৰিলে হেলিপৰ্ট । ইয়াৰ সমান্তৰাল ভাৱে মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে হেলিপৰ্টৰ অতিথি গৃহ। হেলিপৰ্ট উদ্ধোধন কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় চৰকাৰে লোৱা আচঁনি সমুহ সদ্ব্যৱহাৰ কৰি মাজুলী বাসীৰ সক্ৰিয় সহযোগিতাৰ বাবে অসমৰ প্ৰথমটো হেলিপৰ্ট নিৰ্মাণ কৰা হৈছে।