
নিউজ ডেস্কঃ মাজুলীৰ নিমাতীঘাটৰ ভয়ানক ঘটনাৰ পাছতো যেন সাৱধান হ’ব বিচৰা নাই ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু ব্যক্তিগত খণ্ডৰ নাও চালক তথা মালিকসকল।।হাজোৰ চৰাঞ্চললৈ প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুৰে চলাচল কৰা ভুটভুটি নাৱৰ দৃশ্য দেখিলে বুকু কপি উঠিব আপোনাৰ।। এটা ইঞ্জিন চালিত ভুটভুটি নাৱত পান জপাদি যাত্ৰী আৰু বাইক উঠাই নিয়ে নাও চালকসকলে।। নাৱত নাথাকে কোনো সুৰক্ষাৰ ব্যৱস্থা। নাই লাইফ জেকেট । কাণসাৰ নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ।।কিদৰে চলিছে হাজোৰ বামুন্দীত এই ভুটভুটি নাৱৰ যাতায়ত।। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগৰ দাবী তুলি অতিশীঘ্ৰে এই ভুতভুটি নাও সমুহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে পশ্চিম বংশৰ ছাত্ৰ সন্থাই।