sangbad lahar logo

মাজুলীত ৪৮ ঘন্টীয়া বন্ধ জিলা বনিক সন্থাৰ, মালবাহী ফেৰীৰ চলাচল মুকলি কৰাৰ দাবীত বন্ধ ঘোষণা সন্থাৰ।

মালবাহী ফেৰী সমূহ বন্ধ হৈ থকাৰ বাবে মাজুলীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে,

নদী দ্বীপ মাজুলীৰ বনিক সন্থাই আজি পুৱা ৬ বজাৰ পৰা সমগ্ৰ মাজুলী জিলাতে ৪৮ ঘন্টাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি মাজুলীৰ সমূহ দোকান পোহাৰ বন্ধ ৰখা পৰিলক্ষিত হৈছে। যাৰ বাবে এতিয়া মাজুলীত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।মাজুলীৰ ব্যৱসায়িক ক্ষেত্ৰ সমুহলৈ মুলত যোৰহাটৰ পৰা মালবাহী ফেৰীৰ জৰিয়তে বয় বস্তু অনা হয় কিন্তু নিমাতী মাজুলীৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ পাছতেই মালবাহী ফেৰীৰ চলাচল বন্ধ কৰি ৰখাৰ বাবে এতিয়া বিপদত পৰিছে মাজুলীৰ ব্যৱসায়ী সকল। মাজুলীৰ কমলাবাৰী, গড়মূৰ, ফুলনি , জেংৰাইমুখ, নতুন বজাৰ, ভকতি দুৱাৰকে আদি কৰি মাজুলীৰ আটাইবোৰ ব্যৱসায়িক স্থান সমূহত পুৱাৰে পৰা নিমাও মাও পৰিৱেশে বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে। মাজুলী জিলা বনিক সন্থাই চৰকাৰ প্ৰশাসনক অতি সোনকালে মালবাহী ফেৰীৰ চলাচল মুকলি কৰি দিয়াৰ বাবে দাবী জনাই ৪৮ ঘন্টাৰ বাবে বন্ধ দিয়া পৰিলক্ষিত হৈছে ‌।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *