Skip to content
মাজুলীত ‘মে ডাম-মে ফী’ পালন
মাজুলী , ১ ফেব্ৰুৱাৰী– সমগ্ৰ অসমৰ লগতে মাজুলীতো উলহ-মালহেৰে উদযাপন কৰিলে ‘মে ডাম-মে ফী’ । মাজুলী জিলা টাই আহোম সন্মিলিত সমাজৰ উদ্যোগত আৰু টাই আহোম ইন্টাৰনেচনেল চচাইটিৰ সহযোগত অসমৰ অন্য ঠাইৰ লগতে মাজুলীৰ লাহন গাঁও খেল পথাৰত পঞ্চম সংখ্যক টাই আহোম সকলৰ ধৰ্মীয় উৎসৱ মে-ডাম মে-ফি পালন কৰে। । সেই উপলক্ষে দিনযোৰা কাৰ্যসূচী অংশ হিচাপে পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণ, ৭ বজাত টাই আহোম জাতীয় পতকা উত্তোলন, ৭-৩০ বজাত শ্ৰদ্ধাঞ্জলি তৰ্পণ, ৮ বজাত মৈডাম তৰ্পণ, ৮-৩০ বজাত বান-ফি , ৯ বজাত চিত্ৰাকণ প্ৰতোযোগিতা অনুষ্ঠিত হয়। মুকলি সভা, সভাখন উদ্ধোধন কৰে ৰাওনাপাৰ নিম্ন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ তপন শইকীয়াই, সভাখনিত সভাপতিত্ব কৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ মুনিন্দ্ৰ কোঁৱৰে। সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে ভাষন প্ৰদান কৰে চিলাপথাৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মূখ্য অধ্যাপিকা ডঃ মলয়া গগৈয়ে। সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।