শনিবাৰে পুৱা মাকুম চহৰৰ মাজমজিয়াত ডিগবৈ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা খালী ৰে’লৰ ইঞ্জিনৰ খুন্দাত হেবেদা জেঙৰী গাঁৱৰ ২৩ বছৰীয়া অৰুণ গাঞ্জু নামৰ যুৱক এজনৰ গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত হয়। দুৰ্ঘটনাৰ ফলত যুৱক জনৰ হাত দুখন চিঙি যায়। ঘটনাস্থলীত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৰণ সিং চেতিয়া উপস্থিত হৈ ১০৮ এম্বুলেঞ্চ সেৱা আহি উপস্থিত হোৱাত পলম হোৱাৰ বাবে নিজ কৰ্মৰত বাহনত ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।