
মাইক্ৰফাইনেঞ্চ কোম্পানীৰ শোষণত এক প্ৰকাৰ কোঙা হৈ পৰা গ্ৰাম্য অঞ্চলৰ মহিলাৰ মাজত এক জৰীপ চলোৱাৰ অজুহাতত নাৰী সন্থাৰ নামত কিছুদিন পুৰ্বে ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল এটা চক্ৰই। এই অভিযোগ উত্থাপন কৰিছিল প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা বিষয়ববীয়া আইফা বেগম আৰু ৰহা আঞ্চলিক সমিতিৰ ললিতা ডেকাৰ লগতে মাইক্ৰফাইনেঞ্চ বিৰুদ্ধে যৌথ সংগ্ৰামী মঞ্চৰ নগাঁও জিলাৰ সভানেত্ৰী মঞ্জু কোঁৱৰে। উল্লেখিত মহিলা নেত্ৰী কেইগৰাকীয়ে এই প্ৰতিবেদকক জানিব দিয়া মতে যোৱা ১৮ চনৰে পৰা মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে নগাঁও জিলাৰ বিভিন্ন স্থানত সভা আহ্বান কৰি মহিলা সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ৰহা চহৰত বহু কেইবাৰ প্ৰতিবাদী সমদল বাহিৰ কৰি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি ঋণ মাফ কৰিবলৈ দাবী জনোৱা সময়ত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ হৈ ঠাই বিশেষে বক্তব্য ৰখা জনৈক মৃনালিনী দেবী নামৰ এগৰাকী মহিলাৰ পৰা শোষিত মহিলা সকলক সাবধান হবলৈ আহ্বান জনোৱাৰ লগতে মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী সভাত কিম্বা প্ৰতিবাদী শোভাযাত্ৰাত ভাগ লোৱাৰ পৰিবৰ্তে ঋণ লৈছে যেতিয়া পৰিশোধ কৰিব লাগিব বুলিহে সেই সময়ত বক্তব্য প্ৰদান কৰা মৃনালিনী দেবী নামৰ মহিলা গৰাকীয়ে আনকি বহু মহিলাক বিভিন্ন আচনিঁ ধৰি দিয়াৰ নামত অৰ্থ সংগ্ৰহ কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল । প্ৰগতিশীল নাৰী সন্থাৰ নাম উল্লেখ কৰি শেহতীয়াকৈ ফুলগুৰি, মহগড়, দেউবালী আদি অঞ্চলত ঋণগ্ৰস্ত মহিলাৰ জৰীপৰ নামত ধন সংগ্ৰহ কৰা চক্ৰটোৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ প্ৰশাসনৰ প্ৰতি প্ৰগতিশীল নাৰী সন্থাৰ বিষয়ববীয়া আৰু মাইক্ৰফাইনেঞ্চ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ তৰফৰ আহ্বানো জনাইছিল।আনহাতে আজি দেখা গল ৰহাৰ দীঘলদৰী কাকতিগাওঁত কিছু স্থানীয় মহিলাই উক্ত মৃনালিনী দেৱীৰ ওপৰত কৰা সকলো অভিযোগ খণ্ডন কৰি সকলো তথ্যই মিছা আখ্যা দি ওলোতাই আইফা বেগম,মঞ্জু কোৱঁৰ আৰু ললিতা ডেকাৰ এইয়া চক্ৰান্ত আৰু মহিলা নেত্ৰী মৃনালিনী দেৱীৰে কোনো টকা আত্মসাত কৰা নাই,বৰঞ্চ স্থানীয় মহিলা সকলক তেওঁ বহু কষ্টৰে সমাজৰ হৈ কাম কৰি আছে বুলিহে স্পষ্টীকৰণ দিয়ে ৷ইয়াক লৈ এতিয়া ৰহাত সৃষ্টি হৈছে এক শীতল যুদ্ধ ৷