
দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নাজিৰা এম চি ক্লাৱত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। পুৱা বৃক্ষ ৰোপণেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পাছতেই মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশ লয় সমাজ কল্যাণ বিভাগৰ নাজিৰা সংমণ্ডলৰ ক্ষেত্ৰ পৰ্যবেশিকা নিলাক্ষী বৰুৱা আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ মৌচুমী ৰেখা খাউণ্ডে। অনুষ্ঠানত স্থানীয় শিল্পী সকলৰ সাংস্কৃতিক অনুষ্ঠানে সকলোকে আপ্লুত কৰাৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।