sangbad lahar logo

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাব মহোৎসৱ উদযাপন।

টীয়ক:- জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শেহতীয়াকৈ শ্রীমন্ত শংকৰদেৱ সংঘ হোলোঙাপাৰ আঞ্চলিক শাখাৰ সৌজন্যত পীড়াকতা ভৰলুৱা গাঁৱৰ বৰনামঘৰটো দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অনুষ্ঠিত কৰা মহাপুৰুষ জনাৰ জন্মোৎসৱত বৰনামঘৰ প্ৰাঙ্গনত ধৰ্মধজ্জা উত্তোলনেৰে আৰম্ভ হোৱা কাযসূচীৰ পাছতে নাম-কীৰ্তন, ভাগৱত যাত্রা আৰু মহাপুৰুষ জনাৰ অনন্য সৃষ্টিৰাজীৰ আলোকপাঠ কৰাৰ লগতে বৰনানঘৰৰ প্ৰাঙ্গনত শংকৰদেৱ সংঘ যোৰহাট জিলা বাহিনীৰ উদ্যোগত ৰক্ত দান শিবিৰ পাতি ৰক্ত দান কৰা হয়। মহাপুৰুষ জনাৰ অপূর্ব সৃষ্টিৰাজীক জীয়াই ৰখাৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱ সংঘই অবিৰত প্ৰচেষ্টা চলাই অহাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন শিশুক গুৰুজনাৰ কৃষ্টিৰে অনুপ্রাণিত কৰাৰ বাবে বিশেষ ভূমিকা পালন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *