Skip to content
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয় দিন
বটদ্ৰৱা , ৩০ জানুৱাৰী– মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয়টো দিন। ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱৰ প্ৰথম কাৰ্যসূচী আন্তৰ্জাতিক সন্মিলনী খনি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হোৱাৰ পিছত আজিৰ পৰা দুদিনীয়াকৈ বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া সাতখনকৈ ঐতিহ্যমণ্ডিত সত্ৰত একেলগে আৰম্ভ হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী। পুৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে পতাকা উত্তোলন কৰে। অংশ গ্ৰহণ কৰিব ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সাহিত্যিক, কবি, চিত্ৰশিল্পী, গৱেষক সকলে। পুৱাৰে পৰা বটদ্রৱা থানলৈ আগমন ঘটিছে বহু সংখ্যক লোকৰ।