sangbad lahar logo

মহানগৰীৰ দক্ষিণগাওঁত ভয়ংকৰ  অগ্নিকাণ্ড ৷ মাজনিশা দাউ-দাউকৈ জ্বলি উঠিল এটা নিৰ্মীয়মান অট্টালিকা ।

অগ্নিকাণ্ডত জাহ গ’ল এটি নিৰ্মিয়মান ৯ মহলীয়া অট্টালিকাৰ ওপৰৰ অংশ ৷

প্ৰগতি কনষ্ট্ৰাকচনৰ অধীনত চলি আছিল অট্টালিকাটোৰ নিৰ্মান কাৰ্য ৷ স্বত্বাধিকাৰীৰ নাম আমান বুলি জানিব পৰা গৈছে ।

অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোকে ৷  শ্ৰমিক সকলে ১০ বজাত কাম শেষ কৰিছিল ৷ চৰ্ট শ্বাৰ্কিতৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা ৷  

৯ মহলীয়া নিৰ্মীয়মান অট্টালিকাৰ কাম বদৰুদ্দিন আজমলৰ ভূমিত চলি থকা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত উপস্থিত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ।

২ ঘন্টা ধৰি লাগি থকা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰক্ষী ,  অগ্নিনিৰ্বাপক বাহিনীৰ দলে । মাজনিশা ১২.৩০ বজাত সূত্ৰপাত হোৱা জুই পুৱা ৪.৩০ বজালৈ জুই নুমোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপন বাহিনীৰ দলে ।

Related Articles