
গুৱাহাটীৰ এক নিৰ্দিষ্ট স্থানত বুধবাৰে প্ৰেমক সমল হিচাপে লৈ নিৰ্মাণ হোৱা ‘মন দিয়া না’ শীৰ্ষক এটি গীত ভিডিঅ ৰূপত শুভ মুক্তি দিয়া হয় । “সংবাদ লহৰ” ৰ মূখ্য সম্পাদক জোনমনি চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানটোত ৰিন্টু চৌধুৰীৰ ভিডিঅ’ পৰিচালনাৰে ভিডিঅটি আনুষ্ঠানিকভাৱে মুকলি কৰে কণ্ঠশিল্পী ভৃগু কাশ্যপে । লগতে অনুষ্ঠানটোত উপস্থিত থাকে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি।
গীতটিৰ কথা, সুৰ ৰেকিবুলৰ, আৰু কণ্ঠদান কৰিছে বিদিশা চৌধুৰীয়ে। আনহাতে ভিডিঅটিৰ সংগীত কৰিছে দীপকেশ বুঢ়াগোঁহায়ে, অভিনয় কৰিছে প্ৰিয়ম পল্লৱী আৰু বিবেক বৰাই। মনোমোহা স্থানত বিতুল দাসে চিত্ৰগ্ৰহণ কৰা ভিডিঅ‘টি সম্পাদনা সম্পন্ন কৰিছে মানস কাশ্যপে ।
ভিডিঅটিৰ শুভমুক্তিৰ অন্তত ‘AC Multimedia’ নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় গীতটি ৷ গীতটিক লৈ ইতিমধ্যে আশাবাদী মন দিয়া না পৰিয়াল বৰ্গ। জোনমনি চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানটোৰ শেষত সংবাদ কৰ্মী মন ময়ুৰী, বাদ্যশিল্পী ৰাজা বৰুৱা , জনপ্ৰিয় ইউটীউবাৰ নীলোৎপল চলিহা,শিল্পী অমিতাভ বৰুৱাই ভিডিঅটি সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। আনহাতে গীতটী আকোঁৱালি ল’বলৈ ৰাইজক আহ্বানো জনায়।
164 Comments