
নাজিৰা মহকুমাৰ অন্তৰ্গত মৈৰামৰা সত্ৰৰ নিৱাসী এগৰাকী ইঞ্জিনিয়াৰিং উত্তীৰ্ণ যুৱক, নাম সুপ্ৰতীম মহন্ত। সৰুৰে পৰা চিত্ৰশিল্প চৰ্চাৰ লগত জড়িত থকাৰ উপৰিও ২০২০ বৰ্ষত সুখ্যাতিৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰীও সম্পূৰ্ণ কৰিছে।বৰ্তমান যুৱকজনে চিত্ৰশিল্প চৰ্চা বিষয়টোক পেছাগতভাৱে লৈ বিভিন্নজনৰ প্ৰতিচ্ছবি অংকণ,ৱাল পেইণ্টিঙৰ জৰিয়তে নিজৰ উপাৰ্জনৰ পথ বাছি উলিয়াইছে। ইয়াৰ উপৰিও সুপ্ৰতীমে “Artistic Axom” নামৰ এটা YouTube চেনেল খুলি,তাৰ জৰিয়তে নিজৰ শিল্প চৰ্চা প্ৰচাৰ কৰি আহিছে।এই বৃত্তিৰ জৰিয়তে যে,নিজৰ লগতে আন দহজনেও স্বাৱলম্বী হ’ব পাৰে তাৰে নিদৰ্শন দাঙি ধৰিব বিচাৰিছে বুলি যুৱকজনে বক্তব্যত জানিবলৈ দিয়ে।