
মহানগৰৰ স্পেনিছ গাৰ্ডেনত থকা মনীষ তিব্ৰেৱাল কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে আতংকৰ সৃষ্টি হৈছিল।
মহানগৰৰ অভিজাত স্পেনিছ গাৰ্ডেনত থকা মনীষ তিব্ৰেৱাল কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ আতংকময় পৰিবেশৰ। লগে লগে স্পেনিছ গাৰ্ডেন ছীল কৰাৰ লগতে মনীষ তিব্ৰেৱালৰ পৰিয়াল আৰু সংস্পৰ্শলৈ অহা লোকক চিনাক্ত কৰি সংগ্ৰহ কৰা হৈছিল তেজৰ নমুনা।
দেওবাৰে ৰিপৰ্ট লাভ কৰাৰ পিছত যেন এতিয়া কিছু সকাহ পাইছে মহানগৰবাসীয়ে। মনীষ তিব্ৰেৱালৰ পত্নীৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ হোৱাৰ লগতে দুই সন্তানৰ দেহতো নাই কোৰোণাৰ অৱস্থিতি। আনহাতে মনীষৰ সংস্পৰ্শলৈ অহা ১০৫জনৰ ৰিপ’ৰ্টো নিগেটিভ ওলায়। তথাপিও আটাইকে ১৪দিনৰ কোৱাৰেণ্টাইন হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। আকৌ
১৪দিনৰ পিছত পুনৰ এইসকল লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে।
ইফালে ছীল কৰা হৈছে মহানগৰীৰ ৰাজগড়স্থিত মিডলেণ্ড হাস্পতাল। কোৰোণা সংক্ৰমিত মনীষ তিব্ৰেৱালে নিজাববীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিছিলল এই হাস্পতালখনত। তাৰ পাছতে তিব্ৰেৱালৰ দেহত ধৰা পৰিছিল ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। কোৰোণা সংক্ৰমণ নিশ্চিত হোৱাৰ পাছতে হাস্পতালখন ছীল।