sangbad lahar logo

মদ, ভাং, জুৱা আৰু বাল্য বিবাহৰ বিৰুদ্ধে আগবাঢ়ি আহিল মাছপাৰাৰ যুৱ সমাজ । বিলাসীপাৰা মাছপাৰাত যুৱ সমাজৰ উদ্যোগত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা  ।

ড্ৰাগছ,মদ, ভাং,গাঞ্জা, চুৰি,  জুৱা আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি  ।

সমাজত বৰ্তমান প্ৰচলিত ড্ৰাগছ ,মদ, ভাং, গাঞ্জা, জুৱা,  চুৰি ,বাল্য বিবাহ আদি অসামাজিক কাৰ্য বন্ধ কৰাৰ বাবে বিলাসীপাৰা মাছপাৰাৰ একাংশ যুৱকে মাছপাৰা যুৱ সমাজৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰে ।

সজাগতা সভাৰ জৰিয়তে মাছপাৰা অঞ্চলৰ একাংশ যুৱকে সমাজৰ পৰা মদ ,ভাং, জুৱা,চুৰি আৰু ড্ৰাগছত আসক্ত সৰবৰাহকাৰীৰ বিৰুদ্ধে লৈছে কঠোৰ পদক্ষেপ ।

অনাগত দিনতো এওঁলোকে ড্ৰাগছ, বাল্য বিবাহ অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে কাম কৰি যাব বুলি জানিবলৈ দিয়ে ।

উক্ত সজাগতা সভাত উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ অতিৰিক্ত আয়ুক্ত নম্ৰতা বৰুৱা, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহ নৱাজ হুছেইন,  বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তগুল বড়ো,  ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল ইছলাম,  গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সাধাৰণ সম্পাদক সাহালম আহমেদ আৰু ইয়াৰ উপৰিও  বিভিন্ন গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে ।

Related Articles