sangbad lahar logo

মঙ্গলদৈৰ এখন ব্যতিক্ৰমী বিবাহ। কইনা নিবলৈ দৰা আহিল ঘোঁৰা গাড়ীত।

দৰাৰ লগে-লগে ৰাইজো নাচি বাগি গ’ল কইনা ঘৰলৈ। ঘোঁৰা গাড়ীৰ ওপৰতে ৰাইজৰ লগতে দৰাইও নাছিলে এপাক।

মঙ্গলদৈ শান্তিপুৰৰ অৰ্ণব শাণ্ডিল্যই মঙ্গলদৈৰে কোঁৱৰ নগৰৰ বৃটিছা শৰ্মাক বিয়া কৰাবলৈ আহিল পোহৰেৰে সু সজ্জিত ঘোঁৰা গাড়ীত। দৰাৰ লগে-লগে বাকী সকলেও নাচি বাগি দৰাৰ লগে লগে বাট বুলিলে কইনা ঘৰলৈ।
যান্ত্ৰিকতাৰ পৰা দূৰৈত থাকি পুৰণিকলীয়া ৰজাদিনীয়া নিয়মেৰে ঢোলে দগৰে নাচি বাগি বিয়া হবলৈ অহা দৃশ্য ই সকলোকে অভিভূত কৰিলে।
কেমেৰাৰ সমুখত কইনাই আনন্দতে কৈয়েই দিলে পুৰণি দিনত ৰজাই ৰানীক নিবলৈ যি দৰে আহিছিল ঠিক তেনেদৰে মোৰ ৰজা আহিছে মোক নিবলৈ।

Related Articles