
মঙ্গলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত দৰং জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট । পেট্ৰল, ডিজেল, ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে কংগ্ৰেছৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক্, নৰেন্দ্ৰ মোদী গো বেক আদি শ্লগানেৰে উত্তাল কৰি তোলে পুথিভঁৰাল প্ৰাঙ্গন। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, জিলা কংগ্ৰেছৰ সভাপতি কামিনী ডেকা, জিলা কংগ্ৰেছৰ সম্পাদক কন্দৰ্প কলিতাৰ লগতে একাংশ কংগ্ৰেছ কৰ্মী।