
আধুনিক পৃথিবীৰ অন্যতম আকৰ্ষণ আৰু জৰুৰী গণসংযোগৰ অন্যতম মাধ্যম হৈছে ভ্ৰাম্যভাষ (ম’বাইল)। ভ্ৰাম্যভাষৰ জীৱনকালে মানুহৰ মাজত যোগাযোগৰ ব্যৱস্থাক সৰল আৰু উপযোগী কৰি তোলাত পৃথিবীৰ গণসংযোগত মহাশূণ্যৰ উপগ্ৰহৰ অৱদানৰ বিজ্ঞান চেতনাৰ বাটটো আধুনিক মানুহৰ জীৱনৰ প্ৰগতিৰ বাট হৈ উঠিছে। ভ্ৰাম্যভাষে সহজ কৰা, পোন কৰা জীৱনৰ স্বাৱলম্বনৰ স্বাভিমান তেতিয়ালৈকে পৃথিবীৰ মঙ্গল বাটৰ সুগন্ধি কল্পতৰু কহিনুৰ হৈ থাকে যেতিয়ালৈকে ইয়াৰ মৰ্যদাৰ ৰাজহাড়ৰ উশাহ সমাজ আৰু ব্যক্তিৰ জীৱনৰ ডঁৰিয়লিয়ে ডঁৰিয়লিয়ে মানুহক প্ৰলুব্ধ কৰি থাকে সমাজ বাটৰ যুগাত্মক সন্মানেৰে। এই সন্মান অপপ্ৰয়োগ আৰু অ-ৰুচীসম্পন্ন লোকৰ হাতত ভ্ৰাম্যভাষে যেতিয়াই বিকলাঙ্গ ৰূপেৰে ঘৃণাৰ, ষড়যন্ত্ৰৰ, যৌন কামনাৰ আকাংখ্যাক মৰ্যদা দিয়ে তেতিয়াই সমাজ বিকলাঙ্গ হৈ উঠে। এনে বিকলাঙ্গ সমাজত দিনে দিনে নিঃশেষ হৈ আহে মানুহৰ নৈতিক মূল্যবোধৰ জীৱন আকাশত বিয়পি থকা প্ৰাচীন পৰম্পৰা, ৰীতি-নীতি, সমাজক জীৱন্ত কৰি ৰখা প্ৰাচীন মানুহৰ কঠোৰ শ্ৰমৰ মাটিৰ বুনিয়াদ। মাটিৰ বুনিয়াদত গঢ়া জীৱনবোধ কলংকিত হ’লে সমাজ বিকলাঙ্গ হৈ পৰে। পৃথিবী সুস্থ, নৈতিক গুণ সম্পন্ন মানুহৰ হাতত প্ৰসাৰিত হয়। ভূপেন দাই গোৱাৰ দৰে ‘তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে পৃথিবীয়ে জানো ভাল পাব’ । এনে ৰসাল, অৰ্থঘন চৰিত্ৰই নিৰ্মানেই পৃথিবীক মহান কৰে। সস্তীয়া জীৱনবাটৰ লক্ষ্যহীন চেতনাত ব্যক্তি আৰু সমাজৰ চৰিত্ৰ কুলসিত হৈ উঠে।
ভ্ৰাম্যভাষে তথ্য দিব পাৰে, তত্ব দিব নোৱাৰে। আমাৰ অধিকাংশ মানুহেই দিনৰ দিনটো মবাইলত ব্যস্ত থাকে। শ্ৰম বিমুখ জাতিয়ে পৃথিবীত মূৰ তুলি ঠিয় হৈ থাকিব নোৱাৰে। এখন হাতেৰে মানুহে কৰা কামক কোৱা হয় শ্ৰমিক। দুখন হাতেৰে কৰা কামৰ মানুহক কোৱা হয় কাৰিকৰ। মন আৰু মগজুক সংপৃক্ত কৰি মাটিৰ মৰ্যদাক জীৱন্ত ৰূপেৰে দুহাতেৰে নিৰ্যাস দি মাটিৰ প্ৰতিমাক বাক্ প্ৰতিমালৈ ৰূপান্তৰ কৰা জনেই শিল্পী। এনে শিল্পীৰ হৃদয়ৰ মানুহৰ বৰ্ণনা বিশাল, বৰ্ণাঢ্য, অমিতাভ মুকুলৰ বাটেৰে বৰ্ণিল হৈ থাকে। ভ্ৰাম্যভাষে তথ্য দিয়ে। তত্ব পাবলৈ আমি মাটিলৈ নামিব লাগিব। মাটি ফেনেকিব লাগিব। মাটি পৃথিবীৰ সম্ভ্ৰান্ত সম্পদ। এই অনুভৱ কেৱল মন আৰু মগজু সংপৃক্ত হোৱা লোকেহে উপলব্ধি কৰিব পাৰে। ভ্ৰাম্যভাষে আমাক সেই উপলব্ধি ইমান গাঢ় কৈ দিব নোৱাৰে। উদাহৰণ খোল নিৰ্মাণৰ বাবে কি কি বস্তু লাগিব, কেনেকৈ নিৰ্মাণ হ’ব ইয়াৰ মৰ্ম চেতনা জানিবলৈ ভ্ৰাম্যভাষৰ বুকুৰ পৰা নামি আহি মাটিৰ বুকুক জীৱনৰ সৌন্দৰ্য কৰিবই লাগিব। অন্যথা খোলৰ জীৱনক বুজিব পৰাকৈ বিজ্ঞান বাটটোক অৱহেলা কৰা হ’ব।
আমাৰ জাতীয় জীৱনৰ বৰণ্য পৃষ্ঠভূমি গুৰু শংকৰ, মাধৱ, জ্যোতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন দা, সংস্কৃতিৰ ৰজা বেজবৰুৱা দেৱকে ধৰি অনেক কৃতধী অসমীয়াই সাংস্কৃতিক ভাবেই গঢ়ি গৈছে। এই গঢ়ি যোৱা পৃষ্ঠভূমি নৃ-গোষ্ঠীয় মানুহৰ জীৱন আকাশেৰে সমৃদ্ধ হৈছে অসমীয়া মহাজাতি। নতুনে তেওঁলোকৰ চকুত এই ৰেখাৰ জীৱনবোধক কৰ্ষণ কৰি জাতীয় জীৱনক আগুৱাই নিওঁতে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক নামঘৰ, ৰামায়ণ, মহাভাৰতৰ মৰ্ম কথা নিৰন্তৰ সোঁৱৰাব লাগিব। মানুহৰ প্ৰাচীন মূল্যবোধত জীয়াই থকা সমাজৰ সজ কাম, চিন্তা, জাতীয় মৰ্যদাপূৰ্ণ পৰম্পৰাৰ গাতে বাঢ়ি থাকে সমাজৰ প্ৰগতিৰ শৰীৰ। বৰলুইত, বৰদোৱা, বৰপেটা, মাজুলী, আহোমসকলৰ প্ৰাচীন ভাস্কৰ্য, শিল্প, আধ্যাত্মিক মাটিমণিৰ মৰ্যদাক জীৱন্ত কৰি ৰাখিব নোৱাৰিলে সমাজৰ বৃত্ত ভাঙি বাহিৰলৈ ওলাব পৰা নাযাব। বিভিন্ন নৃ-গোষ্ঠীয় মানুহৰ সম্ভ্ৰান্ত সমন্বয় সংস্কৃতিৰ বুকুত গঢ়ি উঠা অসম পৃথিবীৰ ভিতৰতেই অমিতাভ মৰ্যদাৰ বিৰলভূমি। জাতি, উপজাতি, বৰ্ণ, ভাষা, ধৰ্মৰ ওপৰলৈ উঠি গুৰু শংকৰে প্ৰতিষ্ঠা কৰি যোৱা শ্ৰেণীহীন আমাৰ সমাজখনক নিতৌ সত্ৰ, নামঘৰ, মন্দিৰ, ভাগৱত, ৰামায়ণ, গীতা, মহাভাৰত আদিৰ বুকুত ন-উৎসাহেৰে বিম্বাশৱদ গতিৰে পৃথিবীৰ পৰিচয় হৈ আছে। এই পৰিচয় এদিনত গঢ়ি উঠা পৰিচয় নহয়। ইয়াৰ বাবে হাজাৰ বছৰৰ মাটি কৰ্ষণৰ মৰ্যদাটোক উপলব্ধি কৰিবলৈ আমাক জ্যোতি ককাইদেৱে, ভূপেন দাই, ৰাভা দেৱে, বেজবৰুৱা দেৱে… থৈ গৈছে অসমীয়া সমাজৰ বিৰল সাংস্কৃতিক অভিধা। সাহিত্যৰ কল্পতৰু মূল্যমান।
ভ্ৰাম্যভাষ (ম’বাইল)ৰ ব্যাপক অপব্যৱহাৰে অতিসম্প্ৰতি ৰাজ্যখনৰ সৰ্বত্ৰতে এক জঘন্য, ভয়লগা সমাজ এখনৰ গৰ্ভলৈ মানুহক টানিব লাগিছে। প্ৰেমৰ অপমৃত্যু ঘটিছে। পৰকীয়া প্ৰেমৰ বাটেৰে অনেকেই হত্যাক সহজ কৰি তুলিছে। সমাজৰ প্ৰাচীন মূল্যবোধৰ নৈতিক চেতনা মবাইলে প্ৰতিক্ষণতে হৰণ কৰিব লাগিছে। ককা-আজোককাৰ বিনন্দীয়া ভৰিৰ খোজৰ সমাজখনৰ মাটি মৰ্যদাকো মবাইলে প্ৰতি মুহুৰ্ত্ততে নিঃশেষ কৰাৰ প্ৰস্তুতিৰে ধাৱমান হৈছে। মবাইলৰ গৰ্ভত মানুহে পাহৰি পেলাইছে আমাৰ প্ৰাচীন সনাতন সমাজখনৰ কৃষ্ণমাতৰ বিষ্ণু দৰ্শণকো। প্ৰেমক পন্য কৰি এচাম যৌন পিপাশু মানুহৰ হাতত ভ্ৰাম্যভাষ হৈ উঠিছে তেওঁলোকক অসুৰলৈ ৰূপান্তৰ কৰা এক যন্ত্ৰ। যন্ত্ৰৰ জীৱ নাই। যন্ত্ৰই মাতিব নোৱাৰে নিজা বিবেকেৰে। এই যন্ত্ৰক মানুহৰ বিবেকক পন্য কৰি কৰা ব্যৱহাৰে সমাজৰ প্ৰান্তে প্ৰান্তে বিয়পাই দিয়া হৈছে হিংসা, ঘৃণা, সাম্প্ৰদায়িকতা, ধৰ্মৰ নামত বিভাজন, মানুহৰ মাজত সংঘাট আৰু অতি দুৰন্ত গতিত মানুহে (সকলো নহয়) ভ্ৰাম্যভাষক জীৱনৰ উপভোগৰ ৰঙীন, সস্তীয়া যৌন বাসনাৰ আহিলা কৰি লোৱাৰ বাবেই সমাজৰ সংঘাটে, মানুহক ধৈৰ্যহীন কৰি লাহ বিলাহেৰে দেহজ বাসনাৰ পিছত দৌৰি ফুৰা, সহজে প্ৰতাৰিত কৰি ধন ঘটা চৰিত্ৰৰ বাটেৰে মানুহৰ নৈতিক মূল্যবোধ পচি-গেলি বেপেৰুৱা হৈ প্ৰতিদিনেই গেলা গাতৰ পিটনিত আশ্ৰয় ল’বলৈ বাধ্য কৰিছে।
আমাৰ বিনন্দীয়া জাতীয় মৰ্যদা, সাংস্কৃতিক আৰু সাহিত্যৰ বৈভৱ ভাৰতৰ ভিতৰতেই অনন্য, অদ্বিতীয়, অতুল্য। এই সমাজখন প্ৰায় ছয়শ বছৰ আগতে গঢ়ি গৈছে জগতগুৰু শংকৰ, মাধৱে। আজান ফকিৰৰ জিকিৰৰ সমন্বয়ে ইয়াক ৰামধেনুৰ ৰঙ দিছে। চ্যাওলাং চ্যুকাফাৰ দৃষ্টিনন্দন চেতনাত উদ্ভাসি উঠা সমন্বয়ৰ বৰ অসমখনৰ বুকুত আছে মানুহৰ পৃথিবী। সমাজৰ আকাশ। জীৱনৰ সুষমা। ভ্ৰাতৃত্ববোধৰ চিঙিব নোৱাৰা এনাজৰি। আমি এই সমাজখন জীয়াই ৰাখিব পাৰিলে জ্যোতি ককাইদেউ কোৱাৰ দৰে পৰ্বত পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে ব্ৰহ্মপুত্ৰক গভীৰ, দ্ৰুত আৰু বিশাল কৰাৰ চেতনাটোৰ মৰ্ম উপলব্ধি কৰিব পাৰিম। সেই চেতনাত প্ৰতিনিয়ত বিম্বাশৱদে আমাৰ চকুক পোহৰাবলৈ যতন কৰা নৃ-গোষ্ঠীয় মানুহৰ অনুপম সংস্কৃতিৰ ঐতিহ্য চেতনাই কেনেকৈ জীৱনৰ ঐশ্চৰ্য হয় এই কথাৰ বিশালতাৰ উশাহ অনুভৱ কৰিব পাৰিম।
আধুনিক বিজ্ঞানৰ দ্ৰুত মৰ্যদাপূৰ্ণ প্ৰগতি মনকৰিবলগীয়া। বিজ্ঞানৰ নানান সৃষ্টিৰ গৰ্ভত মানৱতা হেৰাই আহিছে বাবেই পৃথিবীৰ প্ৰান্তে প্ৰান্তে যুদ্ধ ভূমিৰ গৰ্জনত হিটলাৰহঁতৰ বাৰুদৰ নিচাই খাতি খোৱা মাটিৰ মানুহৰ জীৱনলৈ নমাই আনিছে অমাৱশ্যাৰ বিশাল কদৰ্যতা। বিজ্ঞানৰ লগত মানৱতাক সামৰি ৰাখিব নোৱাৰিলে আকৌ সৃষ্টি হ’ব নাগাচাকি হিৰোচিমা। মৰিব অগণন মানুহ। হেৰাই যাব মানুহৰ মানৱমূল্যেৰে গঢ়ি তোলা পৃথিবী সভ্যতাৰ অনেক কৃৰ্তীস্তম্ভ। ভূপেন দাই কোৱাৰ দৰে ‘মানুহ যদিহে নহয় মানুহ, দানৱ কাহানীও নহয় মানুহ।’ আধুনিক মানুহৰ (অনেক)ৰ অন্যতম সম্বল ভ্ৰাম্যভাষক দু-ব্যৱহাৰেৰে যদি আমি হেৰুৱাই পেলাও আমাৰ প্ৰাচীন সভ্যতাৰ পৃথিবীখনক, পৃথিবীক জীপাল আৰু গৰিমাময় কৰা মহান মনিষীসকলক, দানৱতাৰ জীৱনক সাৱটি লওঁ আমাৰ মানুহ হোৱাৰ মূল্যই বা থাকিব ক’ত?
ভ্ৰাম্যভাষৰ দ্বাৰা সামাজিক মাধ্যমক এচাম নৱপ্ৰজন্মৰ যুৱক-যুৱতীৰ শালীনতাহীন চৰিত্ৰই সভ্য পৰিশীলিত মানুহক বাৰুকৈয়ে চিন্তান্বিত কৰি তুলিছে। সামাজিক মাধ্যমত সম্পাদনাৰ কোনো ব্যৱস্থা নথকাৰ বাবেই অ-ৰুচীসম্পন্ন অনেকৰ হাতত ভ্ৰাম্যভাষে হেৰুৱাই পেলাইছে জীৱনৰ মৰ্ম আৰু সৌন্দৰ্য। উলংগ, অৰ্ধউলংগ, শৰীৰৰ অংগ প্ৰদৰ্শণ, অতি নগ্নতাৰে সকলো সামাজিক আৰু ব্যক্তিগত জীৱনৰ শালীনতাৰ সীমা চেৰাই এচামে আমাৰ সমাজলৈ যি ভয়াৱহ যৌনাচাৰৰ অশনি সংকেট কঢ়িয়াইছে সি দিনক-দিনে ভয়াৱহ হৈ সমাজক গ্ৰাস কৰিব লাগিছে। ভ্ৰাম্যভাষক জীৱনক উপলব্ধি, অনুবাদ, অনুশীলন কৰাৰ বিপৰীতে পন্যতাৰ মেৰুদণ্ড কৰি তুলিছে। যি মেৰুদণ্ডত মানুহ, সমাজ পোন হৈ থাকিব নোৱাৰে। কণ, কণ ল’ৰা-ছোৱালীৰ নৈতিক চৰিত্ৰৰ বাটটোকো মূল্যহীন কৰি যৌন কামনাৰ পৃথিবী এখনৰ সন্ধান দিছে এচাম বৰ বৰ অ-ৰুচীসম্পন্ন মানুহেই। সামাজিক মাধ্যমৰ কথা-বতৰা, শব্দ প্ৰয়োগ, বাক্যগাঁঠনি এই সকলোবোৰত ব্যাপকভাবে জীৱন্ত হৈ উঠা কুৰুচীপূৰ্ণ, অশ্লীল শব্দ আৰু নানান যৌন উত্তেজক দৃশ্যাংশক বিকশাই এনেচাম লোকে সমাজলৈ যি ক্ষতিৰ ধুমুহা বোঁৱাইছে তাক শীঘ্ৰে বন্ধ নকৰিলে অথলে যাব আমাৰ প্ৰাচীন পৰম্পৰা, সনাতন সভ্যতা, মানৱীয় মূল্যবোধেৰে অসমৰ বিশুদ্ধ সমাজ জীৱনৰ চৰিত্ৰদৰ্শণ।
একাংশ যুৱক-যুৱতীয়ে মহাবিদ্যালয়, বিশ্ববিদ্যালয় আনকি হাইস্কুলীয়া পৰ্যায়তো ভ্ৰাম্যভাষৰ জৰিয়তে পাঠ গ্ৰহণৰ বিপৰীতে ‘নীলা ছবি’ৰ তীৰ্যক যৌনগণ্ডীত আড়স্ত হৈ জীৱনৰ সৌন্দৰ্য, লক্ষ্য, মৰ্যদা, গতি, প্ৰগতিক হেৰুৱাই পেলাইছে। ফলত বাঢ়িছে দ্ৰুত গতিত অবৈধ প্ৰেমৰ বজাৰ। ভ্ৰুণহত্যা সহজ হৈ পৰিছে। নৈতিক জীৱনবোধ দ্ৰুতগতিত এনেচাম নতুন প্ৰজন্মৰ বুকুৰ পৰা চিটিকি পৰিছে গেলা গাতৰ পিটনিত।
চক্ৰেটিছে কৈছিল কুৰি শতিকাৰ শেষৰ ফালৰ পৰা পৃথিবীত প্ৰেম হৈ পৰিব পন্য। বাঢ়িব হত্যা। প্ৰেমিকে প্ৰেমিকাক, প্ৰেমিকাই প্ৰেমিকক কৰিব প্ৰতাৰণা। অৰ্থৰ বুকুত প্ৰেমে জিৰণি ল’ব। আধুনিক বিজ্ঞানৰ ঔষধৰ দ্বাৰা সহজেই ভ্ৰুণহত্যা হ’ব। এনে এক পৰিবেশত প্ৰেমেই সৃষ্টি কৰিব মানুহৰ মাজত সংঘাট। এই সংঘাটক অতিসম্প্ৰতি ভ্ৰাম্যভাষক মানুহে দু-প্ৰয়োগ কৰি নিজৰ অভিলাস পুৰাবলৈ গৈ চক্ৰেটিছে কোৱা পৃথিবীখনক টানিব লাগিছে। যোৱা কেইটামান মাহৰ ভিতৰত ভ্ৰাম্যভাষৰ অপব্যৱহাৰৰ দ্বাৰা সৃষ্টি হোৱা কেইবাটাও প্ৰেমজনিত হত্যা কাণ্ড, পত্নীয়ে স্বামীক, স্বামীয়ে পত্নীক, প্ৰেমিকাই প্ৰেমিকক কৰা প্ৰতাৰণা আৰু হত্যাই মননশীল মানুহক বৰ বেয়াকৈ আক্ৰান্ত কৰি ৰাখিছে। ভ্ৰাম্যভাষক অসৎভাবে ব্যৱহাৰ কৰি অনেক মানুহক অৰ্থনীতিৰ প্ৰতাৰণাৰ বাটেৰে কাঙাল কৰি তুলিছে। ফলত অৰ্থনৈতিক অপৰাধ প্ৰৱণতাৰ বুকুত নতুন নতুন চিন্তা চেতনাৰ আসুৰিক চৰিত্ৰই মানুহক আক্ৰান্ত কৰা খবৰে সুস্থিৰ সমাজ এখনক অস্থিৰ কৰি তোলাৰ কাম দ্ৰুত হৈ উঠিছে।
ভ্ৰাম্যভাষ – ৮৮২২৩-০৩৯০৬