sangbad lahar logo

ভুৱা নথি পত্ৰৰে আধাৰ কাৰ্ড প্ৰস্তুতকাৰীক গ্ৰেপ্তাৰ মৈৰাবাৰী আৰক্ষীৰ।

মৰিগাঁও জিলাৰ গৰুখুটি বজাৰত অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা দুজনক গ্ৰেপ্তাৰ। অবৈধ ভাবে আধাৰ কাৰ্ড প্ৰস্তুত কৰি সাধাৰণ ৰাইজৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল এই যুৱকজনে । সেয়ে এইবাৰ কঠোৰ ৰূপত দেখা গৈছে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাক। ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰা অপৰাধীক গ্ৰেপ্তাৰৰ পিছতে এইবাৰ নামি পৰিছে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কাৰী সকলৰ বিৰুদ্ধে। মুঠতে এইবাৰ মৈৰাবাৰী আৰক্ষীয়ে No Compromise নীতি অব্যাহত ৰাখিছে । আজি পুৱাৰ ভাগত গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে দীৰ্ঘ দিন ধৰি অবৈধভাৱে আধাৰ কাৰ্ডৰ ব্যৱসায় চলোৱা কেন্দ্ৰক উৎখাত কৰে। উল্লেখ্যযোগ্য যে ব্যক্তিজনক বেলেগ পঞ্চায়তত নিয়োগ কৰিছিল যদিও ব্যক্তি জনে গৰুখুটিত দোকান খুলি সাধাৰণ ৰাইজৰ পৰা ৫০০-১০০০ টকা সংগ্ৰহ কৰিছিল আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবদ। মৈৰাবাৰী আৰক্ষীয়ে ব্যক্তিজনৰ পৰা বহু আপত্তিজনক নথিপত্ৰৰ লগতে ভুৱা ছীল মোহৰ জব্দ কৰে।এতিয়া প্ৰশ্ন হ’ল যে আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত কাক মেনেজ কৰি দীৰ্ঘ দিন ধৰি মুকলি কৈ ধন সংগ্ৰহৰ লগতে ভুৱা নথিপত্ৰৰে ৰমৰমীয়া ব্যৱসায় চলাইছিল এইজনে?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *