ভাৰতীয় তেল নিগম, ডিগবৈৰ শোধনাগাৰৰ উদ্যোগত সামাজিক দায়বদ্ধতা আঁচনিৰ অধিনত ৬ সংগঠন সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ।আঠখন এম্বুলেন্স প্ৰদান…

ভাৰতীয় তেল নিগম, ডিগবৈৰ শোধনাগাৰৰ উদ্যোগত সামাজিক দায়বদ্ধতা আঁচনিৰ অধিনত ৬ সংগঠন সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ।আঠখন এম্বুলেন্স প্ৰদান।সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে আই অ’ চি এলে পঞ্চাশ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত ৩ কোটিৰ অধিক টকাৰ সাহাৰ্য প্ৰদান।বিশেষকৈ কৃষি,স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ে।

গ’ল্ডেন জুবিলী কমপ্লেক্সৰ সভাকক্ষত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুস্থানত আজি উপস্থিত থাকে ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্য্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী ৰাহুল প্ৰশান্ত,ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন,এ অ’ ডিৰ উচ্চ পদস্থ বিষয়া কমল বসুমতাৰী, ধনজিৎ বৈশ্য,সূৰ্যদীপ দিহিঙ্গীয়াৰ সহিতে অন্যান্য বিষয়াসকল,তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় ড°মন্দিৰা বৰুৱা,চিন্ময় পাঠক,ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী পি চি ৰঞ্জিত ৰাম, মাৰ্ঘেৰিটা সম জিলাৰ আয়ুক্ত পৰীক্ষিত থৌদাম, ৰাজনৈতিক সংগঠনৰ নেতা-কৰ্মী আৰু এম্বুলেন্স গ্ৰহণ কৰা চিকিৎসালয়ৰ প্ৰতিনিধি সকল।