
ঐতিহাসিক আখ্যানমতে ব্ৰহ্মাৰ মানস পুত্ৰ বাল্মিকী জীৱনৰ প্ৰথম অৱস্থাত দস্যু ৰত্নাকৰ নামেৰে কুখ্যাত আছিল। কিন্তু, সময়ৰ গতিত নাৰদ মুনিৰ সৈতে হোৱা সাক্ষাৎৰ পিছৰে পৰা ৰাম-নাম মহামন্ত্ৰ জপ কৰাৰ পৰামৰ্শ দিয়ে। এটা সময়ত ৰাম নাম লৈ তপস্যাত বিলীন হোৱাত ব্ৰহ্মদেৱক দৰ্শন প্ৰাপ্ত হোৱাৰ সৌভাগ্য হয় বাল্মীকিৰ। আৰু ব্ৰহ্মদেৱৰ পৰাই ৰামায়ন ৰচনা কৰিবলৈ প্ৰেৰণা লাভ কৰাৰ লগতে আজিৰ সমাজত ভাৰতীয় দৰ্শনৰ অন্যতম শ্ৰেষ্ঠতম গ্ৰন্থ মহাকাব্য ৰামায়ন ৰচনা কৰে।