এয়া ভাৰতৰ বাবেই আছিল এটা ক’লা দিন। আজিৰ দিনটোত স্মৰণ কৰিব বীৰ শ্বহীদসকলক। ২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ গৈছিল ৪০জনকৈ বীৰ জোৱানৰ।
আজি সমগ্ৰ ভাৰতে পুলৱামা আক্ৰমণৰ শ্বহীদসকলক সেমেকা চকুৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিশ্ববাসীয়ে। এই আক্ৰমণে ভাৰতবাসীৰ বুকু কঁপাই তুলিছিল। ভাৰতীয়ৰ বুকুৰ সেই ঘা টুকুৰা আজিও শুকুৱা নাই। অৱশ্যে, পলুৱামা আক্ৰমণৰ পিছত সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল।
উল্লেখযোগ্য যে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীয়ে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় সেনাৰ ওপৰত চলাইছিল আক্ৰমণ। আক্ৰমণকাৰীয়ে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফৰ কনভয়ৰ এখন বাছত বিস্ফোৰক ভৰ্তি বাহনেৰে খুন্দিয়াইছিল। তাৰ পিছতে সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ৪০জন চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে।
ইয়াৰ পিছতে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে শীঘ্ৰেই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি এটা ভিডিঅ’ মুকলি কৰিছিল। এই ভিডিঅ’ই যেন ভাৰতবাসীৰ কটা ঘাত নিমখ ছটিয়াইছিল। আক্ৰমণকাৰীজনক ২২ বছৰীয়া আত্মঘাতী বোমাৰু আদিল আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছিল। তেওঁ বিস্ফোৰক ভৰ্তি বাহনখনক চিআৰপিএফৰ কনভয়ৰে খুন্দা মাৰিছিল। তেওঁ কাশ্মীৰৰ বাসিন্দা আছিল। পৰিয়ালে পিছত দাবী কৰিছিল যে তেওঁ ২০১৮ চনৰ পৰা সন্ধানহীন হৈ আছিল।
আনহাতে, ১৮ ফেব্ৰুৱাৰী ২০১৯ত ভাৰতীয় সেনাই দিনৰ ভাগতে দুই সন্ত্ৰাসবাদীক নিহত কৰিছিল। ২৬ ফেব্ৰুৱাৰী ২০১৯ত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোট অঞ্চলত সন্ত্ৰাসবাদীৰ ঠিকনাত চলাইছিল এয়াৰ ষ্ট্ৰাইক। এই আক্ৰমণত নিহত হৈছিল কেইবাজনো সন্ত্ৰাসবাদী।
আমিও আজিৰ এই বিশেষ দিনটোত বীৰ জোৱানসকলোলৈ যাচিলো অশ্ৰুশিক্ত অঞ্জলি।