sangbad lahar logo

ভয়াবহ বায়ু প্ৰদূষণৰ কবলত উত্তৰ গুৱাহাটী।

গুৱাহাটী মহানগৰীত বায়ু প্ৰদুষনৰ অধিক মাত্ৰাই সংকিত কৰিছে সকলোকে । বায়ু প্ৰদুষনৰ এই ভয়াবহতাই উশাহ নিশা ল’বলৈ চিন্তাত পেলোৱা দেখা গৈছে । মহানগৰীত কিয় হঠাত প্ৰদুষনৰ পৰিমান বৃদ্ধি হ’ল । মহানগৰীত যান-বাহনৰ দ্বাৰা বায়ু প্ৰদুষন এক কাৰক হ’ব পাৰে । কিন্তু, তাতোকৈ ভয়াবহ কাৰক গাতে লাগি থকা উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱৰ প্ৰদুষিত উদ্যোগ । অৰ্ধ শতাধিক প্ৰদুষিত উদ্যোগ প্ৰদুষন নিয়ন্ত্ৰন বৰ্ডৰ নজৰত থকাৰ পিছতো কিয় এই সমুহৰ বিৰুদ্ধে লোৱা হোৱা নাই পথক্ষেপ । নাম ল’ব পাৰি চাংহানিয়া ওল , জ্যোতি লেবেৰেটৰী , মা কামাখ্যা ক’ক, টায়াৰ ফেক্টৰী, চাবোন ফেক্টৰী , টপচেম চিমেণ্টকে ধৰি কেইবাটাও কোম্পানীৰ । এই সমূহ কোম্পানীৰ বাবে প্ৰদূষিত উদ্যোগৰ বাবে উত্তৰ গুৱাহাটীবাসীয়ে উশাহ ল’বলৈ কষ্ট পাই আহিছে । সকলো দেখিও পদক্ষেপ ল’বলৈ আহি থমকি ৰয় প্ৰদূষন নিয়ন্ত্ৰন ব’ৰ্ড ।

উত্তৰ গুৱাহাটীৰ প্ৰদুষিত উদ্যোগে যে গুৱাহাটী মহানগৰীৰ বায়ু প্ৰদুষিত কৰিছে , তাৰেই ইংগিত দিলে ভুক্তভোগী নাগৰিকে । কিন্তু, সকলো দেখিও নেদেখাৰ ভাও দল সংগঠণ তথা চৰকাৰৰ ।

Related Articles