
বৰ্তমান বজাৰলৈ শাক-পাঁচলি কিনিবলৈ গ’লে আপুনি ভাবিব লাগিব এশবাৰ । কাৰণ, নিয়ন্ত্ৰণহীন ৰাজ্যৰ শাক-পাঁচলি বজাৰ। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিষ্ক্ৰিয়তাত আকাশলংঘী দৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ।শ্ৰমজীৱিতো বাদেই, মধ্যবিত্ত লোকৰো বজাৰ দেখি হাঁহাকাৰ অৱস্থা । ফাঁচি বজাৰৰ পাইকাৰী দৰৰ তৰকাৰী উত্তৰ গুৱাহাটীত তিনিগুণ দৰত হৈছে বিক্ৰী। উত্তৰ গুৱাহাটী অভয়পুৰৰ পদপথৰ বজাৰত পাঁচলিৰ দৰ শুনিলে আচৰিত হ’ব আপুনি । ৮০টকাৰ পৰা ১৫০ টকালৈ খুচৰা দৰ পাঁচলিৰ। পিছে সংবাদ মাধ্যমৰ কেমেৰা দেখি হোৰা-হুৰে দাম কমালে খুচুৰা বিক্ৰেতাই । কেমেৰা দেখি দোকান এৰি নিলগলৈ খোঁজ ললে দোকানীয়ে। অসাধু ব্যবসায়ীৰ চ’ৰা দামৰ বাবে গ্ৰাহকে এতিয়া সোঁৱৰিছে ত্ৰাহি মধুসুধন।