sangbad lahar logo

বৰিবজাৰ আৰক্ষীৰ অভিযানত আটক মহিলাসহ আঠজন ড্ৰাগছ সৰবৰাহকাৰী ।

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই আছে অভিযান, তাৰ সমান্তৰালকৈ মিকিৰভেটা আৰু বড়িবজাৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান । আজি বৰিবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলামৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে ভেহুগুৰিৰ গলাকটা বজাৰত কেইবা ঘন্টাজুৰি অভিযান চলাই মহিলাসহ আঠজনকৈ ড্ৰাগছ সৰবৰাহকাৰী অতি কৌশলেৰে হাতে লুটে  কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী কেইজন ভেহুগুৰি গাঁৱৰ মস্তুফা ভূঞা ,মস্তুফাৰ পত্নী গুলনাহাৰ, আঞ্জাৰুল হক, ৰাব্বুল হক,  জিয়াৰুল হক,  ৰাজিদুল হক আৰু শিলপুখুৰী গাঁৱৰ ৰাশ্বিদুল হক আৰু খাইৰুল ইছলামক বুলি জানিব পৰা গৈছে । ৰাইজৰ সহযোগত আৰক্ষীয়ে চলোৱা অভিযানত সৰবৰাহকাৰীয়ে পাঁচ জনকৈ স্থানীয় লোকক দাৰে ঘঁপিয়াই আহত কৰে বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীয়ে এই ব্যৱসায়ত কণ কণ শিশুসকলৰ দ্বাৰাই চলাই আহিছিল । লগতে আৰক্ষীয়ে সৰবৰাহকাৰীয়ে লুকুৱাই থোৱা পুখুৰীৰ পাৰত আৰু বাসগৃহৰ পৰা ছটা কণ্ট্ৰেইনাৰত ১.৭৮ গ্ৰাম চাদাৰ এটা টেমাত ১৪.০৮ গ্ৰাম  ড্ৰাগছ,ম’বাইল ফোন ৮টা, ঘড়ী ২ টা, নগদ ধন ৩৫৯০ শ টকাৰ লগতে এখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আটাইকেইজনক মিকিৰভেটা থানা লৈ প্ৰেৰণ কৰে ।

Related Articles