sangbad lahar logo

বৰিগাঁৱত ফুটবলৰ মহাৰণ।

বৰিগাওঁ ইয়ং স্পৰ্টিং ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা আলিফ ইনামুল আৰু ইছলাম উদ্দিন আহমেদ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হয় চুড়ান্ত খেল। মৰিগাঁও জিলাৰ সৰ্বমুঠ ৮ টি ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত চুড়ান্ত খেলত অংশগ্ৰহণ কৰে বনপৰা যুৱক সংঘ আৰু ধলথাপৰা লাচিত যুৱক সংঘই। চুড়ান্ত খেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ বহু কেইজন বিষয়ববীয়া। আনহাতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি মৰিগাঁৱত ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত এটা উন্নত মানৰ ক্ৰীড়া প্ৰকল্প স্থাপনৰ পৰিকল্পনাৰ কথা অৱগত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *