sangbad lahar logo

বৰমা একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত উত্তেজনা ।

আমদানিকৃত শিক্ষকৰ দ্বাৰা পাঠদান দিয়াৰ লগতে অইন বিদ্যালয়লৈ ছাত্ৰ- ছাত্ৰী নিব বিচৰাত সৃষ্টি হয় উত্তেজনাৰ । কোনোপধ্যে আন বিদ্যালয়লৈ নোযোৱাৰ হুংকাৰ ছাত্ৰ- ছাত্ৰীসকলৰ  । বাক্সা জিলাৰ বৰমা দলবাৰীত থকা একলব্য আৱাসিক আদৰ্শ বিদ্যালয়ত আজি পুনৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় ৷ বিদ্যালয়খনত জিলা আয়ুক্ত আৰু আৰক্ষীৰ এটা দল উপস্থিত হৈ আন বিদ্যালয়ৰ পৰা আমদানিকৃত শিক্ষকেৰে পাঠদান দিব বিচৰাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ উল্লেখ্য যে অসমৰ ভিতৰতে ২০২৩ চনত স্থাপিত প্ৰথমখন জনজাতীয় কেন্দ্ৰীয় আৱাসিক বিদ্যালয়খন বড়োলেণ্ড মডেল এডুকেশ্বনেল চ’চাইটিৰ পৰা বিটিচি কৰ্তৃপক্ষই ১৪ জুলাইৰ পৰা চমজি লৈছিল । তাৰ পিছৰে পৰা ২০ আগষ্টলৈ বিদ্যালয়খন বন্ধ ৰখাৰ বিপৰীতে ১৮ আগষ্টত বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে একাংশ বিদ্যালয় প্ৰধানলৈ প্ৰেৰণ কৰা I.S / BDC / Apptt-3 / Attach / 2023/ 775 নম্বৰৰ এক নিৰ্দেশযোগে জিলাখনৰ ১৪ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪ গৰাকী শিক্ষকক একলব্য মডেল আৱাসিক বিদ্যালয়ত নিযুক্তি প্ৰদান কৰে ৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পূৰ্ৱৰ শিক্ষকসকলক শিক্ষাদানৰ পৰা বিৰত ৰাখি নৱনিযুক্ত শিক্ষকসকলক পাঠদান কৰিবলৈ দিয়ে ৷ কিন্তু ছেবাৰ অন্তৰ্গত তথা মাতৃভাষা মাধ্যমৰ শিক্ষকসকলে ভালদৰে পাঠদান কৰিব নোৱাৰাত ছাত্ৰ- ছাত্ৰীসকল ক্ষোভিত হৈ বিগত ১৪ ছেপ্তেম্বৰত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ঘটনাস্থলীত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ উপস্থিত হৈ ছাত্ৰ- ছাত্ৰীসকলক উচিত শিক্ষাদান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু আজি হঠাৎ জিলা আয়ুক্তগৰাকীয়ে অইন বিদ্যালয়ৰ চাৰিগৰাকী শিক্ষকসহ উপস্থিত হৈ ছাত্ৰ- ছাত্ৰীসকলক অইন বিদ্যালয়লৈ নিব বুলি জানিবলৈ দিয়ে ৷ যাৰ ফলত বিদ্যালয়খনত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় ৷ বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলে নতুন শিক্ষকৰ সলনি পূৰ্ৱৰ শিক্ষকসকলক পাঠদান কৰিবলৈ দাবী জনায় ৷ লগতে এই বিদ্যালয় এৰি আন বিদ্যালয়লৈ কোনোপধ্যে নাযায় বুলি হুংকাৰ দি পুনৰ আন্দোলন কৰিব বুলি জানিবলৈ দিয়ে ৷ আনকি বিটিচি প্ৰধান প্ৰমোদ বড়োকো তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ ইফালে বিদ্যালয়খনৰ পূৰ্ৱৰ শিক্ষক- শিক্ষয়িত্ৰীসকলেও শিক্ষা বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ কিন্তু বিদ্যালয়খনত উপস্থিত হোৱা জিলা আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য প্ৰদান নকৰি আঁতৰি যায় ৷

Related Articles