বৰপেটা-বঙাইগাঁও মহাবিদ্যালয়ৰ উদ্যোগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতা দেখুওৱাবলৈ সক্ষম কৃত্তী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান…

বৰপেটা-বঙাইগাঁও মহাবিদ্যালয়ৰ উদ্যোগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতা দেখুওৱাবলৈ সক্ষম কৃত্তী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা-বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰু আল ইছলাম খানৰ পৌৰহিত্বতত অনুষ্ঠিত সভাত বৃহত্তৰ অঞ্চলৰ প্ৰায় ১১ খন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৩৯ জন ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ, কলম আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়। সভাত ছাত্ৰ ছাত্ৰীৰ ওপৰিও অভিভাৱক, বিভিন্ন অনুষ্ঠানৰ শিক্ষক, কলেজখনৰ অধ্যাপক অধ্যাপিকা আৰু কলেজখনৰ পৰিচালনা সমিতিৰ সদস্য উপস্থিত থাকে।সভাত কলেজখনৰ চতুৰ্থ সংখ্যক আলোচনী “অনুৰণন” আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।