অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ আৰক্ষীৰ নিৰ্মমভাৱে অত্যাচাৰ কৰাত গুৰুত্বৰ ভাৱে আহত সঞ্জীত মৰাণ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন।বৰডুমচা থানাৰ আৰক্ষীয়ে অমানৱীয় নিৰ্য্যাতন চলোৱা সঞ্জীত মৰাণ সম্প্ৰতি মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসাধীন।বৰডুমচা মহংস্থিত এটা ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত এক সাধাৰণ ঘটনাক কেন্দ্ৰ কৰি বৰডুমচা আৰক্ষীয়ে থানাৰ আৰক্ষীয়ে আটক কৰা যুৱকজনক তালিবানী শাস্তি প্ৰদান কৰিছিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি যুৱকজনক উলংগ কৰি আৰক্ষীয়ে সৰ্ব শৰীৰত ভোট জলকীয়া সানি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল।বৰডুমচা আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে বৰডুমচাত আৰক্ষী থানাৰ ঘেৰাও কৰি স্থানীয় জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।জনতাৰ প্ৰতিবাদত সেও মানি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে (DGP) বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ চহৰীয়াসহ মুঠ ৫ জন আৰক্ষীৰ বিৰুদ্ধে তাৎক্ষণিক ভাৱে শান্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দ্দেশ জাৰি কৰিছিল।বৰডুমচা আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বলি হোৱা যুৱকজন চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমে সুস্থ হৈ আহিছে যদিও বৰ্তমানলৈকে সম্পূৰ্ণৰূপে সুষ্ঠ হৈ উঠা নাই। আৰক্ষীয়ে যুৱকজনৰ ভৰি তলুৱাত প্ৰহাৰ কৰা ফলত আজিও খোজ কাঢ়িবলৈ আনৰ সহায় ল’ব লগা হৈছে যুৱকজনে। অত্যাচাৰ চলোৱা ৫ বৰডুমচা আৰক্ষীৰ বিৰুদ্ধে অসম আৰক্ষী সঞ্চালক প্ৰধানে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাত সন্তুষ্টি প্ৰকাশ কৰে সঞ্জীত মৰাণে। দোষী আৰক্ষীৰ লোক কেইজনক চাকৰি পৰা বৰ্খাস্ত কৰাৰ পোষকতা কৰে সঞ্জীত মৰাণে।
