
মহাপৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত তথা একশৰণ হৰিনাম ধৰ্মৰ ধ্বজাবাহক, কালিচৰন ব্ৰহ্ম আৰু মাধদেব বটাঁ প্ৰাপক ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি শ্ৰীযুত হৰেকৃষ্ণ মহন্ত আতা কিছুদিন ধৰি হৈ আছে শাৰীৰিক ভাৱে অসুস্থ । মহান পুৰুষজনাৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে বৰঙ্গাজুলি সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰ গৰাকীৰ সংকট জনক অবস্থা দেখি আছু আৰু জিলা উপায়ুক্ত গৰাকীৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল কতৃপক্ষৰ সৈতে যোগাযোগ কৰি আজি জিএমচিলৈ প্ৰেৰণ কৰে ।
আনহাতে এই মহান পুৰুষজনাৰ সু-চিকিৎসাৰ বাবে সকলো ধৰনৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিবলৈ আছুৰ লগতে ভক্তপ্ৰাণ ৰাইজে চৰকাৰক আহ্বান জনাই।
259 Comments