১৯৯৫ চনৰ পৰাই বৰগাং মিলনপুৰত সাৰ্বজনীন দুৰ্গাপূজাৰ আৰম্ভ কৰা হৈছিল । ২০১৯ চনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছিল । কিন্তু বিশ্বত দেখা দিয়া কৰুণা মহামাৰীৰ বাবে স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিব পৰা নাছিল । পৰিস্থিতি স্বাভাৱিক হোৱাত পুনৰ স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি কালি উন্মোচন কৰা হয় । এই উপলক্ষে কালি বৰগাং মিলনপুৰ জনকল্যাণ মঞ্চৰ কাৰ্যালয়ত স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি থানুৰাম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জনকল্যাণ মঞ্চৰ সম্পাদক কৃষ্ণ বৰালে । মৈত্ৰয়ী দত্তৰ বৰগীতেৰে আৰম্ভ কৰা সভাৰ উদ্ধোধন কৰে বিহালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা জনকল্যাণ মঞ্চৰ প্ৰথম সভাপতি লোকনাথ উপাধ্যায়ে ।
তেওঁ উদ্ধোধনী ভাষণত ১৯৯২ চনত মাজগাঁও, ৰাঙছালী, বৰজাৰণিকে আদি কৰি বিভিন্ন অঞ্চলৰ পৰা আহি বসবাস কৰা বৰগাং শুকান সুতি গাঁৱৰ নাম মিলনপুৰ ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে মিলি প্ৰীতিৰে বসবাস আৰম্ভ কৰি ১৯৯৫ চনৰ পৰা দুৰ্গাপূজাৰ আৰম্ভ কৰে বুলি কয় । লগতে এই প্ৰথম সভাপতি কনক শৰ্মা আৰু সম্পাদক প্ৰয়াত মোহন উপাধ্যায় আছিল বুলিও উল্লেখ কৰে । সভাত বিশিষ্ট অতিথি হিচাপে অৎশ গ্ৰহণ কৰি বৰগাং অঞ্চলৰ মহিলা তথা লেখিকা থানেশ্বৰী গণ্জুয়ে বৰগাং দুৰ্গা পূজা আৰু আদিবাসী লোকসকলৰ ভুমিকাৰ ওপৰত আলোকপাত কৰে । ক্ষেমৰাজ ঘিমিৰেৰ সম্পাদনাত প্ৰকাশিত “কল্যাণী” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: চিন্তামণি শৰ্মাই ।
উন্মোচনী ভাষণত শৰ্মাই মিলনপুৰ জনসাধাৰণে বিগত দিনত শিক্ষা, সাহিত্য চৰ্চা, ব্যৱসায় আৰু ৰাজনীতিৰ দিশত সমানে আগবাঢ়িব যোৱা বুলি উল্লেখ কৰে । আনহাতে চাৰিটা ভাষাত প্ৰকাশিত এই স্মৃতিগ্ৰন্থ ভৱিষ্যতে এক ইতিহাস হব বুলি কয় । সভাত সত্ৰমহাসভাৰ সভাপতি ডিমেশ্বৰ গোস্বামী, প্ৰাক্তন প্ৰধান শিক্ষক জয়া হাজৰিকা, পুৰোহিত বিষ্ণু উপাধ্যায়, প্ৰথম দুৰ্গাপূজাৰ সভাপতি কনক শৰ্মা,নিত্য মুদৈ, স্মৃতি গ্ৰন্থৰ দাতা সদস্য ৰোহিত চেত্ৰী,উমা পোখ্ৰেল, বিবেকানন্দ উপাধ্যায়,মনোজ গৌতম আদি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।