sangbad lahar logo

বৰক্ষেত্ৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ..

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ  চৰত আজি  প্ৰশাসনে চলালে  উচ্ছেদ অভিযান ৷ বৰক্ষেত্ৰীৰ ৬১নং ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নোৱাপাৰা পামৰ চৰকাৰী ভূমিত বৰক্ষেত্ৰী প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ ২০০ বিঘা চৰকাৰী ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ  ৷ চৰকাৰী ভূমি  অবৈধভৱে দখল কৰি ঘৰ সাজি থকা ২৪ টা পৰিয়ালক বৰক্ষেত্ৰী প্ৰশাসনে কৰিলে উচ্ছেদ ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ উদয় শংকৰ দত্তৰ নেতৃত্বত চলিছিল এই উচ্ছেদ অভিযান । কাৰ্যবাহী দণ্ডাধীশ উদয় শংকৰ দত্তই আৰক্ষীৰ এটি  বৃহৎ দলৰ সহযোগত জেচিবিৰ সহায়ত ভাঙি পেলালে বেদখলকৃত পৰিয়ালৰ ঘৰসমূহ ৷  উল্লেখ্য যে বৰক্ষেত্ৰীৰ চৰাঞ্চলত থকা হাজাৰ হাজাৰ চৰকাৰী ভূমিত বেদখলকাৰীয়ে নিশাটোৰ ভিতৰতে সাজিছিল ঘৰ ৷ প্ৰশ্ন হয় কাৰ আশীৰ্বাদত বেদখল কৰা হৈছিল চৰকাৰী ভূমি সমূহ ? এয়াই এতিয়া ডাঙৰ প্ৰশ্ন ৷ প্ৰশাসনে পৰ্যায় ক্ৰমে বেদখলকৃত ভূমিত উচ্ছেদ চলাব বুলি জানিবলৈ দিয়ে কাৰ্যবাহী দণ্ডাধীশ উদয় শংকৰ দত্তই ৷

Related Articles