sangbad lahar logo

বৰক্ষেত্ৰীৰ ঘোৰাথালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ ৷ বৰ্ণিল ভাগৱত শোভাযাত্ৰাত কৃষ্ণ নামৰ ধ্বনিত ভক্তিৰসত জীপাল হয় সমগ্ৰ অঞ্চল ৷

কৃষ্ণনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ঘোৰাথাল । আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে গাঁওখনত । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষ্যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ঘোৰাথাল গাঁৱত গাঁওখনৰ বান্ধৱসকলে পালন কৰিছে গুৰুজনাৰ জন্মোৎসৱ ৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত প্ৰাণকৃষ্ণ প্ৰাথমিক শাখা,  ঘোৰাথালৰ উদ্যোগত এইবেলি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে  গুৰুজনাৰ জন্মোৎসৱ পালন কৰিছে  ৷ ২৫ আৰু ২৬ ছেপ্টেম্বৰত ঘোৰাথাল গাঁৱৰ ঐতিহ্যমণ্ডিত ৰাজহুৱা নামঘৰ প্ৰাংগণত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে গুৰুজনাৰ গুণানুকীৰ্তনেৰে ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপিত হৈছে  ৷ ২৫ ছেপ্টেম্বৰৰ পুৱা নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হোৱাৰ পাছত পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন উপসভাপতি বশিষ্ঠ দাসে ৷ পুৱা ৯.৩০ বজাত ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ, নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে ৷ ইয়াৰ পাছতেই ভাগৱত লৈ গাঁওখন পৰিভ্ৰমণ কৰে বাপ-বান্ধৱ,  ভকত-বৈষ্ণৱসকলে ৷ ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই । সন্ধিয়া অনুষ্ঠিত হ’ব ধৰ্মালোচনী সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া ধৰ্মসভা উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন সদস্য মনোৰঞ্জন বৰ্মনে ৷ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল প্ৰচাৰক মণিৰাম দাস ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা,  মেঘালয়স্থিত মেণ্ডিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ কমল দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে ।

Related Articles