
তামুলপুৰ মহকুমাৰ ২ নং বগৰীখুটি গাওঁ নিবাসী প্ৰয়াত পিতৃ সুৰেন্দ্ৰ মল্লিক আৰু মাতৃ মহাৰানী মল্লিকৰ ২য় পুত্ৰ বসুৰাম মল্লিক ব্ৰেইন টিউমাৰৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত অসহায় অৱস্থাত বিচনাতে দিন-ৰাতি একাকাৰ কৰি এক যন্ত্ৰনা কাতৰ পৰিবেশত দিন অতিবাহিত কৰিছে।অতি দৰিদ্ৰ পৰিয়ালৰ এই গৰাকী যুৱক আজি এবছৰ ধৰি মূৰৰ বিষ আৰু কানৰ বিষত অসুস্থ হৈ আছিল। পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাইছিল যদিও যুৱক জনৰ কাণৰ ৰোগৰ কোনো পৰিবৰ্তন হোৱা নাছিল। সেয়ে পৰিয়ালৰ লোকে পুনৰ উত্তৰ গুৱাহাটাৰ জি এন আৰ চিত এম আৰ আই পৰীক্ষা কৰাত ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হোৱা কথা সদৰি কৰে চিকিৎসকে। আৰ্থিক অভাৱত জুৰুলা পৰিয়ালটো এতিয়া চিকিৎসাৰ ব্যয়ৰ কথা চিন্তা কৰি হতাশাত ভুগিছে । অৰ্থৰ অভাৱত এতিয়া যোৱা তিনি মাহে বিনা চিকিৎসাই যুৱকজনে বিচনাতে পৰি দিন অতিবাহিত কৰিব লগাত পৰিছে ৷ দৰিদ্ৰ পৰিয়ালটো উপায়হীন হৈ পৰাত সম্প্ৰতি বসুৰাম মণ্ডলৰ বায়েকৰ স্বামীৰ ৩ নং গোৰেশ্বৰত আশ্ৰয় লৈ আছে ৷ পিতৃহীনা আৰু মাতৃ এতিয়া ভায়েকক অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱাৰাত অসহায় হৈ পৰা পৰিলক্ষিত হৈছে ৷ সেয়ে এতিয়া পৰিয়ালৰ লোকে অসম চৰকাৰ আৰু বিটিচি চৰকাৰক অনুৰোধ জনাইছে যাতে যুৱক জনৰ সু-চিকিৎসা কৰিবলৈ কিছু আৰ্থিক সাহায্য প্ৰদান কৰে ৷ আৰু কোনো সদাশয় কোনো লোক নতুবা দল সংগঠনে এই যুৱকজনৰ প্ৰতি সহানুভূতিৰে সহায় আগবঢ়ালে তলৰ মোবাইল নম্বৰত যোগাযোগ কৰাৰ লগতে যুবকজনক সহায়ৰ বাবে,

ষ্টেট বেংকৰ গোৰেশ্বৰ শাখাৰ একাউন্ট নম্বৰ- ৩৭৫৪০৭৭০১১৮, আইএফএচচি -এছবিআইএন০০১০৪১৩ ত সাহাৰ্য্য প্ৰদান কৰিব পাৰে। পৰিয়ালৰ যোগাযোগ নম্বৰ- ৭৮৯৬১২৩২৯৪, ৯৮৬৪৩৫০৫০৮