
শুকুৰবাৰে বিয়লি এক বৃহৎ পৰিমানৰ কানি জব্দ কৰিবলৈ সক্ষম হয় বোকাখাত আৰক্ষীয়ে।
বোকাখাত আৰক্ষীৰ নিয়মীয়া তালাচি ভেদ কৰি পলায়ণ কৰিবলৈ চেষ্টা কৰা এ এছ ০২ এ এ ২৬১৯ নম্বৰৰ এখন স্কৰপিঅ’ৰ পৰা জব্দ কৰা হয় কানিখিনি।
আৰক্ষীয়ে অনু্সৰণ কৰোতেই বোকাখাতৰ সাপজুৰিস্থিত অৰ্ধসামৰিক বাহিনীৰ চাৱনিৰ সমিপত দুৰ্ঘটনাগ্ৰস্থ হয় স্কৰপিঅ’খন।
দুৰ্ঘটনাগ্ৰস্থ হোৱা স্কৰপিঅ’খনৰ পৰা এজনক আটক কৰাৰ লগতে জব্দ কৰা হয় কানিখিনি।
বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাই জানিবলৈ দিয়া মতে জব্দকৃত কানিখিনিৰ ওজন ২.২ কিলোগ্ৰাম আৰু মূল্য ৫৫ লাখ।